/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ae0e53fe-1933-41ee-92ee-1a0e0bcd9440/raj_kundra.jpg)
ডিজিটেল ডেস্ক: মাস্ক পিন্ধি মুখ ঢাকি থাকিলেও প্ৰায় প্ৰতিটো সময়তে চৰ্চাত থাকে অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা আগশাৰীৰ ব্যৱসায়ী ৰাজ কুন্দ্ৰা। পিছে এইবাৰ বিতৰ্কৰ বাবে নহয়, দক্ষতাৰ বাবেহে চৰ্চালৈ আহিছে ৰাজ কুন্দ্ৰা। ব্যৱসায়ী, ষ্টেণ্ডআপ কমেডিয়ানৰ পিছত এইবাৰ তেওঁক দেখিবলৈ পোৱা যাব অভিনেতাৰ ৰূপত। হয়, মুক্তিৰ বাবে সাজু হৈছে ৰাজ কুন্দ্ৰাই অভিনয় কৰা প্ৰথমখন বলীউডৰ ছবি ‘ইউটি ৬৯’।
‘ইউটি ৬৯’ৰ ট্ৰেইলাৰ মুকলিৰ পিছৰ পৰাই ছবিখনে খুব চৰ্চা লাভ কৰিছে।প্ৰকৃততে এই ছবিখন ৰাজ কুন্দ্ৰাৰ জীৱন ভিত্তিক ছবি।উল্লেখ্য যে, অশ্লীল ছবি নিৰ্মাণৰ এক গোচৰত ২০২১ চনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘদিন কাৰাগাৰত থাকিবলগীয়া হৈছিল ৰাজ কুন্দ্ৰা। কাৰাগাৰত তেওঁ সন্মুখীন হোৱা সমস্যাবোৰক কেন্দ্ৰ কৰিয়েই এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰটো প্ৰথমে শিল্পা ছেট্টীয়ে ৰাজহুৱা কৰিছে।হয়, শিল্পাই ছ’চিয়েল মেডিয়াত এই ট্ৰেইলাৰটো শ্বেয়াৰ কৰি স্বামীক শুভকামনা জ্ঞাপন কৰিছে।
'ইউটি ৬৯'ৰ ট্ৰেইলাৰটো নিউজ চেনেলৰ এটা ক্লিপৰ সৈতে আৰম্ভ হৈছে, য'ত লেখা আছে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক অশ্লীল ছবি নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ পিছত ৰাজ কুন্দ্ৰাক আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হয়। ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে আকৌ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে ৰাজ কুন্দ্ৰা।একাংশৰ মতে, এই ছবিখনৰ জৰিয়তে ৰাজ কুন্দ্ৰাই তেওঁৰ ভাবমূৰ্তি পৰিস্কাৰ কৰাৰ চেষ্টা কৰিব। মুক্তিৰ পূৰ্বেই বেছ চৰ্চা লাভ কৰা 'ইউটি ৬৯'ৰ পৰিচালনা শ্বাহনাৱাজ আলীৰ।এই ছবিখনে ৩ নৱেম্বৰত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।
Also Read: সকলোৰে প্ৰিয় ‘গংগুবাই’য়ে গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা