এইবাৰ উৰ্ফীৰ ফেশ্বনক সমালোচনা ৰণবীৰ কাপুৰৰ

ৰণবীৰ কাপুৰৰ এই সাক্ষাৎকাৰটো ইউটিউবত মুকলি হোৱাৰ পাছতেই এতিয়া বহু কথা পোহৰলৈ আহিছে। এই সাক্ষাৎকাৰত অভিনেতাজনে উৰ্ফি জাভেদৰ ফেশ্বন সন্দৰ্ভতো মত পোষণ কৰিছে।

author-image
Asomiya Pratidin
New Update
এইবাৰ উৰ্ফীৰ ফেশ্বনক সমালোচনা ৰণবীৰ কাপুৰৰ

ডিজিটেল ডেস্ক: সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘তু ঝুথী মে মক্কাৰ’ৰ বাবে সম্প্ৰতি বাতৰিৰ শিৰোনামত আছে ৰণবীৰ কাপুৰ।ছবিখনৰ প্ৰচাৰৰ কামত খুবেই ব্যস্ত হৈ আছে ৰণবীৰ। অভিনেতাজনে ছবিখনৰ প্ৰচাৰৰ বাবে শেহতীয়াকৈ তেওঁৰ ভগ্নী কৰীণা কাপুৰৰ নতুন ৰেডিঅ' অনুষ্ঠান ‘হোৱাট ৱমেন ৱান্ট’ত উপস্থিত হৈছিল।ৰণবীৰ কাপুৰৰ এই সাক্ষাৎকাৰটো ইউটিউবত মুকলি হোৱাৰ পাছতেই এতিয়া বহু কথা পোহৰলৈ আহিছে। এই সাক্ষাৎকাৰত অভিনেতাজনে উৰ্ফি জাভেদৰ ফেশ্বন সন্দৰ্ভতো মত পোষণ কৰিছে।

Advertisment

কৰীণা কাপুৰে এই সাক্ষাৎকাৰত ৰণবীৰক কেইখনমান ফটোৰ এটা বিশেষ অংশ দেখুৱাই সেই ফটোকেইখন চিনাক্ত কৰিবলৈ দিছিল।এই ফটোসমূহৰ ভিতৰত এখন এনে ফটো আছিল য'ত কেৱল অভিনেত্ৰীগৰাকীৰ পোছাক দেখা গৈছিল। ৰণবীৰে অভিনেত্ৰীগৰাকীৰ পোছাকৰ পৰা খুব সোনকালেই চিনাক্ত কৰিছিল যে সেয়া উৰ্ফি জাভেদৰ বাহিৰে আন কোনো হ’ব নোৱাৰে।

এই সন্দৰ্ভত অভিনেতাজনে লগতে কয়, ‘মোৰ বাবে উৰ্ফিৰ ফেশ্বন হৈছে ‘বেড টেষ্ট’।মই এনে ধৰণৰ ফেশ্বনৰ অনুৰাগী নহয়। কিন্তু মই ভাবো যে যেতিয়া আপুনি এই পৃথিৱীত বাস কৰি আছে আপুনি আৰামদায়ক কাপোৰ পিন্ধিব লাগে।’

সাক্ষাৎকাৰটোত ৰণবীৰ কাপুৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক যথেষ্ট প্ৰশংসা কৰে।তেওঁ অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি কয় যে প্ৰিয়ংকাই নিজকে খুব ধুনীয়াকৈ উপস্থাপন কৰিব জানে।বিশেষকৈ পোছাকৰ ক্ষেত্ৰত তেওঁ খুব সচেতন।প্ৰিয়ংকাৰ যথেষ্ট আত্মবিশ্বাস আছে আৰু আত্মবিশ্বাস থকা লোকসকলেই জীৱনত সফল হয়। অভিনেতাৰ পুত্ৰ হোৱাৰ বাবে বিভিন্ন সময়ত সন্মুখীন হোৱা অভিজ্ঞতাৰ বিষয়েও এই অনুষ্ঠানটোত অৱগত কৰে ৰণবীৰ কাপুৰে।

Also Read: অৱশেষত বিয়া সন্দৰ্ভত মুখ খুলিলে মলাইকা অৰোৰাই