অৱশেষত বিয়া সন্দৰ্ভত মুখ খুলিলে মলাইকা অৰোৰাই

অৱশেষত বিয়া সন্দৰ্ভত মুখ খুলিলে মলাইকা অৰোৰাই

ডিজিটেল ডেস্ক: ব্যতিক্ৰমী ব্যক্তিত্ব, ‘ফিটনেছ’ তথা আকৰ্ষণীয় সাজ-পোছাক পৰিধান কৰি সদায়েই অনুৰাগীৰ মাজত চৰ্চাত থাকে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী মালাইকা অৰোৰা।অভিনেত্ৰীগৰাকী চৰ্চাৰ শীৰ্ষত থকাৰ আন এক কাৰণ হৈছে তেওঁৰ ব্যক্তিগত জীৱন। ২০১৬ চনত অভিনেতা-প্ৰযোজন আৰৱাজ খানৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছত ‘বি টাউন’ৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ সন্তান অভিনেতা অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্ক গঢ়ি উঠে মলাইকাৰ।কম বয়সীয়া অৰ্জুনৰ সৈতে প্ৰেম কৰাৰ বাবে অভিনেত্ৰাগৰাকীয়ে বহু সময়ত বহু সমালোচনাৰ সন্মুখীন হৈ আহিছে যদিও দুয়োৰে বিয়াৰ বাবেও অনুৰাগীসকল সকলো সময়তে যথেষ্ট উৎসাহী হৈ থাকে।হয়, ছ’ছিয়েল মেডিয়াত দুয়োৰে তেওঁলোকৰ ঘনিষ্ঠ মুহুত্বৰ ফটো ‘শ্বেয়াৰ’ কৰিলেই অনুৰাগীসকলে তেওঁলোকৰ বিয়া কেতিয়া বুলি প্ৰশ্ন উত্থাপন কৰে।তেওঁলোকৰ এই সম্পৰ্কত উঠা সকলো প্ৰশ্নয়েই তেওঁলোকে আওকান কৰি আহিছে যদিও শেহতীয়াকৈ মলাইকাই তেওঁৰ বিয়াৰ সন্দৰ্ভত কেতবোৰ কথা ৰাজহুৱা কৰিছে।

শেহতীয়াকৈ এটা বিখ্যাত ৱেবছাইটৰ সৈতে হোৱা সাক্ষাৎকাৰত এই সমগ্ৰ বিষয়টোত মালাইকাই স্পষ্ট মত প্ৰকাশ কৰিছে।তেওঁ কয়, ' মই বুজি নাপাওঁ সকলোয়ে কিয় ইমান বিয়াৰ কথা সুধি থাকে।বিয়ায়েই সকলো নহয়।বিয়া নোহোৱাকৈও দুজন মানুহে সুখৰে একেলগে থাকি জীৱনটো উপভোগ কৰিব পাৰে।জীৱনটো মোৰ অত্যন্ত প্ৰিয়, সেয়েহে এতিয়া মই সুখেৰে জীৱনটো জীয়াই আছো।বিয়াৰ কোনো খৰখেদা নাই।অৰ্জুন আৰু মই এতিয়াও বিয়াৰ বিষয়ে একো চিন্তা কৰা নাই।আমি বৰ্তমান আমাৰ প্ৰাক-মধুচন্দ্রিমা পৰ্যায় উপভোগ কৰি আছো। ' 

সাক্ষাৎকাৰটোত কম বয়সীয়া অৰ্জুনৰ লগত প্ৰেম কৰাৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ সন্দৰ্ভতো মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।তেওঁ কয়, ‘বিবাহ বিচ্ছেদৰ পাছত সকলোয়ে মোক কৈছিল যে এতিয়া এই ‘টেগ’ লগত লৈ প্ৰেম বিচাৰি পোৱাটো অত্যন্ত কঠিন।কিন্তু মোৰ ক্ষেত্ৰত সেয়া একেবাৰে মিছা প্ৰতিপন্ন হ’ল। প্ৰেমৰ কোনো বয়স নাই।যদি আপুনি প্ৰেমত পৰে, আপোনাৰ বাবে একোৱেই হেঙাৰ হ’ব নোৱাৰে।মই কৃতজ্ঞ যে মই এনে এজন সঙ্গী বিচাৰি পাইছো, যিয়ে মোক বুজি পায়। ' 

আনহাতে, বিবাহ বিচ্ছেদ সন্দৰ্ভত তেওঁ কয়, আৰবাজৰ পৰা পৃথক হোৱাৰ পিছত মোৰ লাভহে হৈছে। উপাধিটো আঁতৰ হোৱাত মোৰ কোনো ক্ষতি হোৱা নাছিল।মই আগতেও কাম কৰি আছিলো আৰু এতিয়াও কৰি আছো। আজিও মানুহে পৃথকে হ’লেও মোক আৰৱাজক দুয়োকে ভাল পায়, যাৰ বাবে মই কৃতজ্ঞ। ' 

অৱশেষত বিয়া সন্দৰ্ভত মুখ খুলিলে মলাইকা অৰোৰাই
বহু সুন্দৰীৰ ‘সপোনৰ ৰজা’ আছিল এইজন অভিনেতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in