এইবাৰ ‘ষ্টেণ্ডআপ কমেডিয়ান’ হ'ল বিতৰ্কিত ৰাজ কুন্দ্ৰা

এইবাৰ ‘ষ্টেণ্ডআপ কমেডিয়ান’ হ'ল বিতৰ্কিত ৰাজ কুন্দ্ৰা

ডিজিটেল ডেস্ক: মাস্ক পিন্ধি মুখ ঢাকি থাকিলেও বিতৰ্কই লগ নেৰে অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক।এইবাৰ অভিনেত্ৰী উৰ্ফি জাভেদৰ বিষয়ে মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে ৰাজ কুন্দ্ৰা। ইয়াৰ পাছতেই অনুৰাগীৰ বহু ককৰ্থনা শুনিবলগীয়া হৈছে ব্যৱসায়ীগৰাকীয়ে।

ৰাজ কুন্দ্ৰাৰ পৰিচয় সলনি হৈছে। হয়, তেওঁ বৰ্তমান এজন ষ্টেণ্ডআপ কমেডিয়ান হৈ পৰিছে। তেওঁ শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে কৰা ষ্টেণ্ড-আপ কমেডিৰ ভিডিঅ' এতিয়া ছ’চিয়েল মেডিয়াত খুব ভাইৰেল হৈ পৰিছে। ৰাজ কুন্দ্ৰাই নিজকে 'মাস্কমেন' আৰু 'শিল্পাৰ স্বামী' বুলি অভিহিত কৰি ষ্টেণ্ডআপ কমেডিৰ অনুষ্ঠানটো আৰম্ভ কৰে।ইয়াৰ পিছত তেওঁ তেওঁৰ সংগ্ৰাম তথা পৰ্ণগ্ৰাফী ঘটনাৰ সৈতে জড়িত হৈ পৰা বিষয়টো সন্দৰ্ভতো বহুখিনি কথাই মুকলিকৈ প্ৰকাশ কৰে।

উল্লেখ্য যে,ৰাজ কুন্দ্ৰাক পৰ্ণগ্ৰাফীৰ গোচৰত দণ্ডিত কৰা হৈছে। তেওঁৰ বিৰুদ্ধে অশ্লীল ছবি নিৰ্মাণ আৰু ম'বাইল এপত সেইসমূহ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছৰে পৰা ৰাজ কুন্দ্ৰাই সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ মাস্ক পিন্ধে।

ষ্টেণ্ডআপ কমেডিত ৰাজ কুন্দ্ৰাই কয়, ‘বিগত দুবছৰত কোনোবাই যদি মোক মৰম দিছে, সেয়া হৈছে সংবাদ মাধ্যম। কিয়নো তেওঁলোকৰ তাৰকা দুজনেই। এজন মই আৰু আনগৰাকী উৰ্ফি জাভেদ।ৰাজ কুন্দ্ৰাই কি পিন্ধিছে আৰু উৰ্ফি জাভেদে কি পিন্ধা নাই, সংবাদ মাধ্যমত সেয়াই চৰ্চা চলি থাকে।’

ইফালে, এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই ৰাজ কুন্দ্ৰাক চুঙা চাই সোপা দিলে উৰ্ফী জাভেদে।ব্যৱসায়ীজনক উদ্দেশ্যি উৰ্ফীয়ে ছ’চিয়েল মেডিয়া লেখিছে, 'যিজনে আনক উলংগ কৰি টকা উপাৰ্জন কৰে, তেওঁ এতিয়া মোৰ কাপোৰত মন্তব্য কৰিছে। ছৰী নট ছৰী পৰ্ণ কিং।' উৰ্ফীৰ এই প'ষ্টৰ পাছতে বিষয়টোক কেন্দ্ৰ ছ'চিয়েল মেডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এইবাৰ ‘ষ্টেণ্ডআপ কমেডিয়ান’ হ'ল বিতৰ্কিত ৰাজ কুন্দ্ৰা
গোপনে বাগদান সম্পন্ন উৰ্ফী জাভেদৰ, ভাইৰেল হ’ল ফটো

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in