তোলপাৰ ছ’চিয়েল মেডিয়া, চৌদিশে সমালোচিত উৰ্ফি জাভেদ

শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত সেয়া স্পষ্ট হৈছে।য'ত উৰ্ফিৰ পোছাকৰ দ্বাৰা প্ৰভাৱিত হৈ ব্যক্তিগৰাকীয়ে পৰিধান কৰিছে উৰ্ফিৰ দৰেই ডিজাইনৰ কাপোৰ।

author-image
Asomiya Pratidin
New Update
তোলপাৰ ছ’চিয়েল মেডিয়া, চৌদিশে সমালোচিত উৰ্ফি জাভেদ

ডিজিটেল ডেস্ক: অদ্ভুত ‘ড্ৰেছিং চেঞ্চ’ৰ বাবে সদায় অনুৰাগীসকলৰ মাজত চৰ্চাত থাকে ছ'চিয়েল মেডিয়াৰ তাৰকা তথা অভিনেত্ৰী উৰ্ফি জাভেদ।উৰ্ফিক প্ৰতিদিনেই আজৱ-গজৱ ডিজাইনৰ কাপোৰত দেখিবলৈ পোৱা যায়। অনুৰাগীসকলো উৰ্ফিয়ে কি নতুন কাপোৰ পিন্ধে, তাক চাবলৈ উৎসাহিত হৈ থাকে।এইবাৰ উৰ্ফিৰ এনে এক কাপোৰৰ ডিজাইন ‘কপি’ কৰি চৰ্চালৈ আহিছে আন্তৰ্জাতিক পৰ্যায়ৰ এগৰাকী প্ৰভাৱশালী যুৱক।হয়, শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত সেয়া স্পষ্ট হৈছে।য'ত উৰ্ফিৰ পোছাকৰ দ্বাৰা প্ৰভাৱিত হৈ ব্যক্তিগৰাকীয়ে পৰিধান কৰিছে উৰ্ফিৰ দৰেই ডিজাইনৰ কাপোৰ।

Advertisment

এই ভিডিঅ'টোত বিশেষ যুৱকজনে উৰ্ফিৰ জীনছ পেণ্টৰে ডিজাইন কৰা কাপোৰ হুবহু কপি কৰা দেখাৰ পাছতে অনুসৰণকাৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য, উৰ্ফিৰ জীনছৰ সেই বিশেষ ডিজাইনটো যথেষ্ট ভাইৰেল হৈ পৰিছিল।বহু তাৰকাই তেওঁৰ এই ডিজাইনৰ বিষয়ে ছ'চিয়েল মেডিয়াত মুকলিকৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল।

এই বিশেষ ভিডিঅ'টো চাং হি কিম নামৰ এজন যুৱকজনে তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। তেওঁ আমেৰিকাৰ বাসিন্দা।আনহাতে, চাং দেশখনৰ সামাজিক মাধ্যমত অতি জনপ্ৰিয় তথা অতি প্ৰভাৱশালী হিচাপে বিবেচিত ব্যক্তি।তেওঁ জীনছক চাৰ্ট হিচাপে পিন্ধিছে, ঠিক উৰ্ফিৰ দৰেই। ভিডিঅ'টোৰ শিৰোনাম দি চাঙে লিখিছিল, ‘আনকি মোৰ মেকুৰীটোৱেও এয়া ভাল পোৱা নাই।’ 

আনহাতে, চাঙৰ এই প’ষ্টৰ পিছতেই স্বাভাৱিকভাৱেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে।এজনে লেখিছে- 'মই ভাবিছিলো যে উৰ্ফি কেৱল ভাৰতীয় লোকৰে ‘মূৰৰ বিষ’ সৃষ্টিৰ কাৰক। কিন্তু এতিয়া মই বুজি পাইছো যে তেওঁ ‘আন্তৰ্জাতিক মুৰৰ বিষ’।' তদুপৰি, আৰু বহুজনে উৰ্ফিৰ পোছাকক সমালোচনা কৰি বহু লেখিছে আৰু প্ৰতিদিনাৰ দৰেই এই বিষয়তো মৌনতা অৱলম্বন কৰিছে উৰ্ফি জাভেদে।

Also Read: মাজত মাত্ৰ এটা নিশাঃ ন্যায়ালয়ে প্ৰদৰ্শনত বাধা দিয়া ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তি পাবনে?