মাজত মাত্ৰ এটা নিশাঃ ন্যায়ালয়ে প্ৰদৰ্শনত বাধা দিয়া ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তি পাবনে?

মাজত মাত্ৰ এটা নিশাঃ ন্যায়ালয়ে প্ৰদৰ্শনত বাধা দিয়া ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তি পাবনে?

author-image
Asomiya Pratidin
New Update
মাজত মাত্ৰ এটা নিশাঃ ন্যায়ালয়ে প্ৰদৰ্শনত বাধা দিয়া ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তি পাবনে?

মাজত মাত্ৰ এটা নিশাঃ ন্যায়ালয়ে প্ৰদৰ্শনত বাধা দিয়া ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তি পাবনে?

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ এটা নিশা। সকলো প্ৰস্তুতি সম্পূৰ্ণ। প্ৰিমিয়াৰ শ্ব' চাবলৈও অনুৰাধা চিনেমা হলত ভিৰ ভিন্ন শ্ৰেণীৰ অভ্যাগতৰ লগতে সংবাদকৰ্মী আৰু ৰবি শৰ্মাৰ অনুৰাগীৰ। কিন্তু তাৰ মাজতো অনিশ্চয়তা। সকলোৰে মনত এটাই প্ৰশ্ন, শুকুৰবাৰে মুক্তি পাবনে 'শ্ৰী ৰঘুপতি'?

Advertisment

জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু চৰ্চিত অসমীয়া চিনেমা 'শ্ৰী ৰঘুপতি'ক লৈ সৃষ্টি হৈছে অনিশ্চয়তা। বৃহস্পতিবাৰে কামৰূপ জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে চিনেমাখনৰ মুক্তিত বাধা প্ৰদান কৰাই নহয় অনিৰ্দিষ্ট কাললৈ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰে।

ধৃতিমান শৰ্মা নামৰ এজন যুৱকৰ আৱেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে ন্যায়ালয়ে। অভিযোগ অনুসৰি এই চিনেমাখন 'ল'কাছ ক্ৰিয়েটিভ প্ৰডাকচন'ৰ বেনাৰত নিৰ্মাণ কৰাৰ কথা আছিল। ইয়াৰ বাবে প্ৰযোজক ধৃতিমান শৰ্মাই অগ্ৰীম ধনো প্ৰদান কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত এই চিনেমাখন ময়ূৰাক্ষী শৰ্মাৰ প্ৰযোজনাত 'মণিৰত্ন এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত নিৰ্মাণ কৰা হয় আৰু মুক্তিৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰে। এই ক্ষেত্ৰত ৰবি শৰ্মাই পূৰ্বৰ প্ৰযোজকৰ সৈতে হোৱা চুক্তি ভংগ কৰাৰ কথাও উল্লেখ কৰিছে।

এই অভিযোগৰ পাছতে ন্যায়ালয়ে বৃহস্পতিবাৰে চিনেমাখনৰ প্ৰদৰ্শনিত বাধা প্ৰদান কৰে আৰু চিনেমাখনক লৈ অনিশ্চয়তা আহি পৰিছে। কিন্তু তাৰ মাজতে চিনেমাখনৰ মূল অভিনেতা ৰবি শৰ্মা, প্ৰযোজক শৈলেন কুমাৰ শৰ্মা আৰু জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক সংবাদ মেলৰ জৰিয়তে প্ৰযোজক শৈলন কুমাৰ শৰ্মাই কয় যে, চিনেমাখনৰ চেন্সৰ ব'ৰ্ডৰ প্ৰমাণ পত্ৰ তেওঁৰ নামত আছে। গতিকে এই ক্ষেত্ৰত ময়ূৰাক্ষী শৰ্মাৰ নাম অহাটো কোনো কথা হ’ব নোৱাৰে ৷ লগতে তেওঁ পূৰ্বৰ প্ৰযোজক ধৃতিমান শৰ্মাৰ গোচৰ শুকুৰবাৰে পুৱা ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলিও মন্তব্য কৰে।

আনহাতে অভিনেতা ৰবি শৰ্মাই কয়, চিনেমাখনৰ মালিকিস্বত্বৰ ওপৰত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজন নাই ৷ এই বিতৰ্কৰ প্ৰধান উদ্দেশ্য হৈছে আমাক সমস্যাত পেলোৱা। ইয়াৰোপৰি তেওঁ কয়, চিনেমাখনৰ মুক্তিৰ পূৰ্বে সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ ফলত যদি ছবিখনৰ ক্ষতি হয় তেন্তে ইয়াৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হ’ব।

চিনেমাখনৰ সংগীতৰ কাম কৰা জুবিন গাৰ্গে শীঘ্ৰে এই সমস্যাৰ সমাধান হ'ব বুলি উল্লেখ কৰি সকলোকে অসমীয়া চিনেমা চাবলৈ আহ্বান জনায়। তাৎপৰ্যপূৰ্ণ ভাৱে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা 'শ্ৰী ৰঘুপতি' নামৰ এই চিনেমাখনৰ পূৰ্বে 'ৰঘুপতি' নামেৰে নামাংকৰণ কৰা হৈছিল যদিও কিছুদিন পূৰ্বে চিনেমাখনৰ নাম নতুনকৈ 'শ্ৰী ৰঘুপতি’ কৰা হ'ল।

Also Read: দ্বিতীয় পত্নীক হত্যা কৰি ভৰাই থ'লে বাকচতঃ গুৱাহাটীতে সংঘটিত হৈছে এই হত্যাকাণ্ড...

ৰবি শৰ্মা শ্ৰীৰঘুপতি