‘ছিংগল’ নহয় টাইগাৰ শ্ৰফ, গোপনে চলাই আছে সম্পৰ্ক

‘ছিংগল’ নহয় টাইগাৰ শ্ৰফ, গোপনে চলাই আছে সম্পৰ্ক

ডিজিটেল ডেস্ক: বলীউডৰ 'হেণ্ডছাম হাংক' টাইগাৰ শ্ৰফ তেওঁৰ ছবিতকৈ অধিক তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে। টাইগাৰৰ তেওঁ দীৰ্ঘদিনীয়া প্ৰেয়সী অভিনেত্ৰী দিশা পাটানীৰ সৈতে সম্পৰ্ক বিচ্ছেদৰ চৰ্চা আজিও অব্যাহত আছে। প্ৰকৃততে তেওঁলোকৰ অনুৰাগীসকলে এই সম্পৰ্ক ভাঙি যোৱাটো একেবাৰেই মানি ল'ব পৰা নাই।কিন্তু এতিয়া দেখা গৈছে যে ব্ৰেকআপৰ পিছত দুয়োজন তাৰকাই নিজৰ নিজৰ পথত আগবাঢ়ি গৈছে।হয়, দিশাৰ দৰেই টাইগাৰৰ জীৱনত প্ৰৱেশ কৰিছে এগৰাকী নতুন প্ৰেয়সীয়ে।

কিছুদিন পূৰ্বে কৰণ জোহৰৰ চেট শ্ব' কফি উইথ কৰণত টাইগাৰে তেওঁ এতিয়া 'ছিংগল' বুলি অনুৰাগীক জানিবলৈ দিয়ে।কিন্তু প্ৰকৃততে টাইগাৰ 'ছিংগল' নহয়। অভিনেতাজনে যোৱা ডেৰ বছৰ ধৰি দিশা ধনুকা নামৰ এজনী যুৱতীৰ সৈতে সম্পৰ্কত আছে।দিশা এটা 'প্ৰডাকচন হাউচ'ত কৰ্মৰত। দিশা পাটানীৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত টাইগাৰে দিশা ধনুকাৰ সৈতে ডেটিং আৰম্ভ কৰে।টাইগাৰৰ পৰিয়ালেও দিশা ধনুকাক বহুত ভাল পায়। সকলোৱে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে জানে যদিও দিশা আৰু টাইগাৰে বৰ্তমানেও এই বিষয়ে একো স্পষ্ট কৰা নাই।

আনহাতে, শেহতীয়াকৈ দিশা পাটানীৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য'ত তেওঁক তেওঁৰ প্ৰেমিকৰ সৈতে দেখা গৈছে। তেওঁৰ নাম আলেকজেণ্ডাৰ এলেক্স। ভিডিঅ'টোত দিশাই নিজ মুখৰে কৈছে যে আলেকজেণ্ডাৰ তেওঁৰ প্ৰেমিক।যদিও ভিডিঅ'টোত দিশাৰ কণ্ঠস্বৰ স্পষ্ট নহয়, তেওঁৰ ওঁঠে স্পষ্টকৈ কৰিছে যে তেওঁ প্ৰকৃততে কি ক'বলৈ বিচাৰিছে।

‘ছিংগল’ নহয় টাইগাৰ শ্ৰফ, গোপনে চলাই আছে সম্পৰ্ক
অসন্তুষ্ট অনুৰাগী, ছ’চিয়েল মেডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিশা পাটানী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in