অসন্তুষ্ট অনুৰাগী, ছ’চিয়েল মেডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিশা পাটানী

অসন্তুষ্ট অনুৰাগী, ছ’চিয়েল মেডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিশা পাটানী

ডিজিটেল ডেস্ক: অদমনীয় অভিনয় তথা নৃত্যশৈলীৰে বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা দিশা পাটানী আকৌ এবাৰ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে শিৰোনামলৈ আহিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, য'ত তেওঁক তেওঁৰ প্ৰেমিকৰ সৈতে দেখা গৈছে। এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে, দিশা পাটানী দীৰ্ঘদিন ধৰি অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল।কিন্তু তেওঁলোক দুয়োৰে সম্পৰ্ক বিচ্ছেদ হোৱাৰ খবৰ অহাৰ পিছত অনুৰাগীসকল একপ্ৰকাৰ হতবাক হৈ পৰিছিল। অনুৰাগীসকলে সেয়েহে অভিনেত্ৰীগৰাকীৰ এই নতুন সম্পৰ্ক চৰ্চালৈ অহাত ছ'চিয়েল মেডিয়াযোগেই যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰি তেওঁক ট্ৰ'ল কৰা আৰম্ভ কৰিছে। 

ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টোত অভিনেত্ৰীগৰাকীৰ লগত এজন বিদেশী যুৱকক দেখা গৈছে।তেওঁৰ নাম আলেকজেণ্ডাৰ এলেক্স। ভিডিঅ'টোত দিশাই নিজ মুখৰে কৈছে যে আলেকজেণ্ডাৰ তেওঁৰ প্ৰেমিক।যদিও ভিডিঅ'টোত দিশাৰ কণ্ঠস্বৰ স্পষ্ট নহয়, তেওঁৰ ওঁঠে স্পষ্টকৈ কৰিছে যে তেওঁ প্ৰকৃততে কি ক'বলৈ বিচাৰিছে।

দিশাৰ এই ভিডিঅ' পোহৰলৈ অহাৰ পিছত অনুৰাগীসকলে মুকলিকৈ বিভিন্ন সমালোচনা কৰা পৰিলক্ষিত হৈছে।ইফালে, বহু সূত্ৰৰ মতে দিশা একপক্ষীয়ভাৱে টাইগাৰৰ প্ৰেমত বলীয়া আছিল।ইয়াৰ বিপৰীতে টাইগাৰে তেওঁক তেওঁৰ ভাল বন্ধু বুলিহে গণ্য কৰিছিল। টাইগাৰে সকলো ঠাইতে প্ৰকাশ কৰিছিল যে দিশা তেওঁৰ খুব ভাল বন্ধু। টাইগাৰৰ ভগ্নী আয়েশা শ্ৰফেও দিশা আৰু টাইগাৰ কেতিয়াও সম্পৰ্কত নাছিল বুলি এক অনুষ্ঠানত স্পষ্ট কৰে।

অসন্তুষ্ট অনুৰাগী, ছ’চিয়েল মেডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিশা পাটানী
ছোয়েইব মালিকে ইনষ্টাগ্ৰাম বায়’ৰ পৰা আঁতৰালে ছানিয়া মিৰ্জাৰ নাম

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in