প্ৰতিদিন টাইমৰ 'TRENDS শাৰদী শ্রেষ্ঠ-২০২৩'প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

প্ৰতিদিন টাইমৰ 'TRENDS শাৰদী শ্রেষ্ঠ-২০২৩'প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

author-image
Asomiya Pratidin
New Update
প্ৰতিদিন টাইমৰ 'TRENDS শাৰদী শ্রেষ্ঠ-২০২৩'প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

প্ৰতিদিন টাইমৰ 'TRENDS শাৰদী শ্রেষ্ঠ-২০২৩'প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমে অনুষ্ঠিত কৰি অহা 'ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ-২০২৩' প্ৰতিযোগিতাৰ ফালফলসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে। ট্ৰেণ্ডছ (Trends) ৰ সহযোগত অনুষ্ঠিত কৰি অহা এই প্ৰতিযোগিতাত ৰাজ্যৰ প্ৰতিখন জিলাৰ শতাধিক পূজা মণ্ডপ তথা সমিতিৰ মাজৰ পৰা মুঠ ৪ খন পূজা সমিতিক নিৰ্বাচিত কৰি ভিন্ন শিতানত শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হৈছে।

Advertisment

বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপলৈ প্ৰতিদিন টাইমৰ সাংবাদিকে তাৰ দৃশ্যসমূহ কেমেৰাত বন্দী কৰাৰ পাছত সেই পূজা সমিতিৰ জাকজমকতাৰ উপৰিও আধ্যত্মিকতা, স্বচ্ছতা আদি সকলো দিশ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি বিচাৰকে ৪ খন পূজা সমিতিক নিৰ্বাচিত কৰিছে।

সেই অনুসৰি পূজা মণ্ডপৰ বঁটা লাভ কৰিছে তিনিচুকীয়াৰ শ্ৰীপুৰীয়া পূৰ্বাঞ্চল সমিতিয়ে। আনহাতে শ্রেষ্ঠ প্রতিমাৰ বঁটা লাভ কৰিছে যোৰহাটৰ JPR সাৰ্বজনীন পূজা সমিতিয়ে।

ইয়াৰোপৰি শ্ৰেষ্ঠ Innovative পূজাৰ বঁটা লাভ কৰিছে নগাঁও বেংগলী পূজা সমিতিয়ে।শ্ৰেষ্ঠ সামাজিক পূজাৰ বঁটা লাভ কৰিছে গুৱাহাটীৰ সোণাইঘূলি বেবীল’ন ছ’চাইটিয়ে।

Also Read: বিচিত্ৰ ভাৰতঃ এফালে ৰাৱণ দাহন, আনফালে শোক পালন...

দুৰ্গা পূজা