২ ডিচেম্বৰত ছবিগৃহলৈ ‘দ্য ছেভেন্থ ষ্ট্ৰিং’

দেশ-বিদেশৰ চলচিত্ৰ মহোৎসৱত বহু সমাদৃত অসমীয়া ছবি ‘দ্য ছেভেন্থ ষ্ট্ৰিং’ এতিয়া মুক্তিৰ বাবে সাজু হৈ উঠিছে।বাহাৰুল ইছলামৰ এই ছবিখনে ২ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰিব

author-image
Asomiya Pratidin
New Update
২ ডিচেম্বৰত ছবিগৃহলৈ ‘দ্য ছেভেন্থ ষ্ট্ৰিং’

দ্য ছেভেন্থ ষ্ট্ৰিং

ডিজিটেল ডেস্ক: দেশ-বিদেশৰ চলচিত্ৰ মহোৎসৱত ইতিমধ্যেই বহু সমাদৃত অসমীয়া ছবি ‘দ্য ছেভেন্থ ষ্ট্ৰিংএতিয়া মুক্তিৰ বাবে সাজু হৈ উঠিছে।বিশিষ্ট অভিনেতা-পৰিচালক বাহাৰুল ইছলামৰ এই ছবিখনে ২ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰিব। ছবিখনৰ কাহিনী বৰ্ষা বাহাৰৰ। চিত্ৰনাট্য বাহাৰুল ইছলাম আৰু বৰ্ষা বাহাৰৰ।৩১ বছৰীয়া নায়ক আৰু ১৩ বছৰীয়া নায়িকাৰ প্ৰেমক মূল বিষয়বস্তু হিচাপে লৈ ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।

Advertisment

ছবিখনত অভিনয় কৰিছে পূৰ্ণিমা পাঠক শইকীয়া, ভাগীৰথী বাই কাডম, জিলমিল হাজৰিকা, ডা: জয়ন্ত দাস, সিদ্ধাৰ্থ মুৰ্খাজী, ৰাজীৱ ক্ৰ’,বৰ্ষা বাহাৰ, কুণাল শৰ্মা, গুণগুণ, ৰাহুল গৌতম শৰ্মা, জিয়া বাহাৰ, দিনেশ কাকতি , বিনোদ লাল দাস, আচফাক খান, নেইন ইবটিজাম, কল্লোল নাথ, দেৱজিৎ বৰঠাকুৰ, ৰাজকুমাৰ শ্বাহ, মুন ৰাজীৱ, প্ৰশান্ত কলিতা, দ্বীপজ্যোতি মিশ্ৰ আৰু মুনমী গগৈয়ে।

ছবিখনৰ সংলাপ বাহাৰুল ইছলামৰ। চিত্ৰগ্ৰহণ কৰিছে পাপু ডেকাই।সম্পাদনা কাজুৰ।সহযোগী সম্পাদকৰ দায়িত্বত আছে জুমি।সংগীত আৰু আবহ সংগীতৰ কাম বাহাৰুল ইছলামে নিজেই কৰিছে। গীতৰ কথা আৰু কবি প্ৰয়াত হীৰেণ ভট্টাচাৰ্য আৰু বাহাৰুল ইছলামৰ।কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদ আৰু  দিৱসজ্যোতি বৰুৱাৰ। ছাউণ্ড ডিজাইনৰ কাম কৰিছে বিজয় কুমাৰ নাথ আৰু জ্যোতি চেতিয়াই।ছবিখনৰ প্ৰযোজনা কৰিছে নিয়ন্ত্ৰণ ওম গগৈ আৰু প্ৰশান্ত কলিতাই ।প’ষ্টাৰ ডিজাইন কৰিছে মণিকুন্তল বৰাই।ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দীক্ষু, দেৱাঞ্জনা বৈশ্যই।

ইতিমধ্যেই মুক্তি লাভ কৰা ছবিখনৰ গীতসমূহে শ্ৰোতাৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য, বৰ্ষা বাহাৰ বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই কাডমৰ জীয়ৰী।অভিনয়-পৰিচালনাৰ অভিজ্ঞতাৰে পৰিপুষ্ট পিতৃ আৰু থিয়েটাৰৰ আনুষ্ঠানিক শিক্ষাৰ শিকাৰু কন্যাৰ যুগলবন্দীৰ ফচল ‘দ্য ছেভেন্থ ষ্ট্ৰিং’য়ে ছবিঘৰত কিমান দূৰ সফল হয়, সেয়া অৱশ্যে সময়েহে ক’ব।

Also Read: Ravi Sarmah's Raghupati: ডিচেম্বৰত ছবিগৃহলৈ আহিব ‘ৰঘুপতি’

assamese movie barkha bahar baharul islam the seventh string