Ravi Sarmah's Raghupati: ডিচেম্বৰত ছবিগৃহলৈ আহিব ‘ৰঘুপতি’

Rabi Sarmah
Rabi Sarmah

ডিজিটেল ডেস্ক:Ravi Sarmah's Raghupati: অপশক্তিক নাশ কৰি সমাজত পোহৰ বিলাবলৈ সাজু হ’ল ‘ৰঘূপতি’। হয়, ডিচেম্বৰত মুক্তি পাব দীৰ্ঘদিনৰ পৰা চৰ্চাত থকা অসমীয়া ছবি ‘ৰঘূপতি’। চৌদিশে গ্ৰাস কৰা নেতিবাচক দিশটোক প্ৰত্যাহ্বান জনায় কিদৰে জীৱনত নতুন পথৰ সন্ধান কৰিব পাৰি, সেয়াই প্ৰতিফলিত হ’ব ‘ৰঘূপতি’ত।অলপতে মুক্তি লাভ কৰা ছবিখনৰ ‘ফাষ্ট লুক’ আৰু প’ষ্টাৰে ইতিমধ্যেই দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনত ৰঘূপতিৰ চৰিত্ৰত অভিনয় কৰিছে সুদৰ্শন তথা সকলোৰে প্ৰিয় অভিনেতা ৰবি শৰ্মাই।ৰঘূপতিৰ কাহিনী আৰু সংলাপো ৰবি শৰ্মাৰ। প্ৰযোজনা ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাৰ। একশ্যনধৰ্মী এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে ‘ইলিগেল’ আৰু ‘বিদুৰভাই’ খ্যাত পৰিচালক সুব্ৰত কাকতি।চিত্ৰনাট্যও সুব্ৰত কাকতিৰ। সংগীত পৰিচালনাৰ দায়িত্বত আছে প্ৰণয় দত্ত। বহু আগশাৰীৰ সংগীত শিল্পীয়ে ‘ৰঘূপতি’ৰ গীতসমূহত কণ্ঠদান কৰিছে। আনহাতে, গােৱা, গুৱাহাটী, গোলাঘাট আৰু সোণাপুৰৰ বহু মনোমোহা ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণন কৰা হৈছে।

Ravi Sarmah
Ravi Sarmah

ইফালে, ৰঘূুপতিৰ জৰিয়তে বিগ স্ক্ৰীণত ভুমুকি মাৰিবলৈ সাজু অভিনেত্ৰী বুবলী কাশ্যপ আৰু লুনা দেৱী। ‘কে কে’ খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাইও ছবিখনত এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে।আন আন চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব অৰুণ নাথ, অৰুণ হাজৰিকা, ৰীণা বৰা, প্ৰীতি কংকনা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জী, মনজিত শৰ্মাকে ধৰি বহু ন-পূৰণি অভিনেতা- অভিনেত্ৰীক। দুৰ্ঘটনাত পতিত হৈ সুদীৰ্ঘ সোতৰ বছৰ পেছাৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো ছবিখনত এক বিশেষ চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব।ছবিখনৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কয়,’ৰঘূপতি’ শ্ৰী ৰামচন্দ্ৰৰ আধুনিক ৰূপ বুলি কলেও ভুল কোৱা নহ’ব।কৰোণাৰ ত্ৰাসৰ বাবে ছবিখনে মুক্তি লাভ কৰাত পলম হল। কিন্তু  তাৰ পাছতো ছবিখনত প্ৰতি ৰাইজে দেখুওৱা উৎসুকতাই মোক উৎসাহিত কৰিছে।যাৰ বাবে অসমবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। এটা কথা নিশ্চত যে ৰাইজে ছবিখনত নতুনত্ব পাব।দৰ্শকক সন্তষ্ট কৰিবলৈ মই ছয় বছৰৰ পৰা যথেষ্ট কষ্ট কৰিছো।সেয়ে স্বাভাৱিকভাৱেই ছবিখনক লৈ মই অত্যন্ত আশাবাদী।’ উল্লেখ্য, নাম ঘোষণাৰ দিনাৰ পৰাই চৰ্চাৰ শীৰ্ষত থকা ‘ৰঘূপতি’য়ে ছবি গৃহত কিদৰে সফলতা লাভ কৰে সেয়া অৱশ্যে সময়তহে লক্ষণীয় হ’ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in