কি আছে 'দ্যা কেৰলা ষ্ট'ৰী'ত? উচ্চতম ন্যায়ালয়ে ক'লে...

কি আছে 'দ্যা কেৰলা ষ্ট'ৰী'ত? উচ্চতম ন্যায়ালয়ে ক'লে...

ডিজিটেল ডেস্কঃ 'ছবি দ্যা কেৰলা ষ্টৰী'ৰ বিৰোধিতা কৰিছে একাংশই। দ্যা কাশ্মীৰ ফাইলছৰ পাছত এই ছবিখনে বিভিন্নজনৰ মাজত খলকনিৰ সৃষ্টি কৰিছে আৰু এটা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ তুলিছে।

'দ্য কেৰলা ষ্টৰী' ছবিখনৰ বিৰোধিতাৰে একাংশই এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আবেদনৰ জৰিয়তে এই ছবিখন মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কোৱা হৈছে। অৱশ্যে গোচৰটো তৎক্ষণাৎ শুনানি আৰু ঘৃণামূলক ভাষণআৱেদনৰ সৈতে টেগ কৰিবলৈ অস্বীকাৰ কৰিছে।

উচ্চতম ন্যায়ালয়ে কৈছে যে আবেদনকাৰীসকলে এই বিষয়ে উচ্চ ন্যায়ালয়লৈ কিয় যোৱা নাই। ইয়াৰ উত্তৰত অধিবক্তা নিজাম পাছাই কয় যে ছবিখন শুকুৰবাৰে মুক্তি লাভ কৰিব। সময় হাতত নাই বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰা নহল।

এই ক্ষেত্ৰত ন্যায়ালয়ৰ এক বিচাৰপীঠে কয় যে এয়া কোনো যুক্তি নহয়। এনে হলে সকলোৱে উচ্চতম ন্যায়ালয় আহিব। তদুপৰি ছবি খনত ছেঞ্চৰ বৰ্ডে অনুমোদন জনাইছে। গতিকে সেই অনুমোদন পত্ৰকহে প্ৰত্যাহ্বান জনাব লাগে।

উল্লেখ্য যে. দ্যা কেৰলা ষ্টৰী নামৰ ছবি খনৰ ট্ৰেইলৰ কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছে। ছবি খন বিশেষকৈ ধৰ্মান্তকৰণৰ ওপৰত আধাৰিত।ইয়াৰোপৰি ছবিখনৰ ষ্ট্ৰেইলৰত লাভ জিহাদ, হিজাব আৰু আইএছআইএছৰ দৰে শব্দ ব্যৱহাৰ কৰা হৈছে।

চলচ্চিত্ৰখনত দাবী কৰিছে যে এই ছবিখন কেৰলাৰ ৩২,০০০ নিৰুদ্দেশ ছোৱালীৰ কাহিনী। যাক প্ৰথমে উচতনি দিয়াই ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে সন্ত্ৰাসবাদী হৈ পৰিছিল।

কি আছে 'দ্যা কেৰলা ষ্ট'ৰী'ত? উচ্চতম ন্যায়ালয়ে ক'লে...
আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ মহোৎসৱলৈ অসম সন্তান অধিৰাজৰ চুটি ছবি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in