চৌদিশে চলিছে আশু-আৰোগ্যৰ প্ৰাৰ্থনা

চৌদিশে চলিছে আশু-আৰোগ্যৰ প্ৰাৰ্থনা

ডিজিটেল ডেস্ক: হঠাতে অসুস্থ হৈ পৰিছে দেশবাসীৰ প্ৰিয় অভিনেত্ৰী ছানী লিয়নী।আগন্তুক ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত দুৰ্ভাগ্যবশতঃ আঘাতপ্ৰাপ্ত হৈছে অভিনেত্ৰীগৰাকী।হয়, ছানীৰ পৰৱৰ্তী ছবি ‘কুটেশ্যন গেং’ৰ চিত্ৰগ্ৰহণত ভৰিৰ আঙুলিত বেয়াকৈ দুখ পাইছে ছানীয়ে। অভিনেত্ৰীগৰাকীয়ে  তেওঁৰ ভৰিৰ আঙুলিৰ পৰা ৰক্তক্ষৰণ হোৱাৰ এক ভিডিঅ' ছ’ছিয়েল মেডিয়াত 'শ্বেয়াৰ' কৰাৰ পাছতে অনুৰাগীসকল এতিয়া চিন্তিত হৈ পৰিছে।

ছ’ছিয়েল মেডিয়াৰ প’ষ্টটোত ছানীয়ে ‘কুটেশ্যন গেং’ত ৰূপায়ন কৰা চৰিত্ৰটোৰ সাজপাৰ পৰিধান কৰি ভৰিৰ আঘাতপ্ৰাপ্ত আঙুলিটো ধৰি বহি থকা দেখা গৈছে।ছবিখনৰ লগত জড়িত আন সদস্যসকলে ছানীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি থকাও ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে।চিন্তিত অনুৰাগীসকলে সুন্দৰী অভিনেত্ৰীগৰাকীৰ অতি সোনকালে আশু আৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

উল্লেখ্য, ‘কুটেশ্যন গেং’ ছবিখনৰ পৰিচালনা বিবেক কে কান্ননৰ।ৰহস্যধৰ্মী এই ছবিখনত ছানী লিয়নীৰ লগতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে জেকী শ্ৰফ, প্ৰিয়মণি, চাৰা অৰ্জুন আৰু গায়ত্ৰী ৰেড্ডীয়ে। কাশ্মীৰ, মুম্বাই আৰু চেন্নাইত দৃশ্যগ্ৰহণ চলি থকা এই ছবিখন তামিল, হিন্দী, তেলেগু, কানাড়া, আৰু মালায়ালম ভাষাত মুক্তিলাভ কৰিব।বৰ্তমানেও মুক্তিৰ দিন নিশ্চিত নোহোৱা এই ছবিখনত দৰ্শকে ছানীক সম্পূৰ্ণ এক নতুন ৰূপত দেখিবলৈ পাব।

চৌদিশে চলিছে আশু-আৰোগ্যৰ প্ৰাৰ্থনা
Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in