মুক্তি পালে ছানীৰ নতুন গান ‘থাৰ্ড পাৰ্টী’, কৰিছে সফলতাৰ কামনা

বাৰাণসীত নিশা গংগা আৰতিত অংশ গ্ৰহণ কৰি নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰিলে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে।হয়, ছ'চিয়েল মেডিয়াত এটা প'ষ্ট কৰি এই বিষয়ে ৰাজহুৱা কৰিছে অভিনেত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
মুক্তি পালে ছানীৰ নতুন গান ‘থাৰ্ড পাৰ্টী’, কৰিছে সফলতাৰ কামনা

ডিজিটেল ডেস্ক: বাৰাণসীত নিশা গংগা আৰতিত অংশ গ্ৰহণ কৰি নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰিলে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে।হয়, ছ'চিয়েল মেডিয়াত এটা প'ষ্ট কৰি এই বিষয়ে ৰাজহুৱা কৰিছে অভিনেত্ৰীগৰাকীয়ে।

Advertisment

শেহতীয়াকৈ ছানীয়ে তেওঁৰ ইনষ্টাগ্ৰামত গংগা আৰতিৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি লেখিছে, ‘বাৰাণসীৰ আটাইতকৈ আশ্চৰ্যজনক অভিজ্ঞতা হৈছে গংগা আৰতি দৰ্শন কৰা।ছানীৰ সৈতে ভিডিঅ’টোত প্ৰাক্তন আইএএছ বিষয়া অভিষেক সিং, এজন পুৰোহিত আৰু আন কেইবাজনো লোকক দেখা গৈছে।ভিডিঅ’টোত ছানীক গুলপীয়া চুৰিদাৰ, ডিঙিত নাৰ্জী ফুলৰ মালা, কপালত চন্দনৰ ফোঁট লোৱা দেখা গৈছে।আনহাতে, অভিষেক সিঙে বগা কুৰ্তা পায়জামা পৰিধান কৰিছে।

উল্লেখ্য যে, বুধবাৰে মুক্তি পাইছে অভিষেক আৰু ছানীয়ে অভিনয় কৰা ‘থাৰ্ড পাটী’ শীৰ্ষক গীতটো। এই নতুন গীতটোৰ ৰচনা আৰু কণ্ঠদান কৰিছে অভিষেকে। ‘থাৰ্ড পাটী’ৰ সফলতা কামনা কৰিয়েই পৱিত্ৰ স্থান বাৰাণসী ভ্ৰমণ কৰিছে অভিষেক-ছানীয়ে।

আনহাতে, আন এটা গীতৰ বাবেও চৰ্চা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।গীতটো হৈছে ‘মেৰা পিয়া ঘৰ আয়া ২.০’। এই গীতটো ‘য়াৰানা’ ছবিখনৰ মাধুৰী দীক্ষিতৰ ‘আইকনিক ট্ৰেক’ ‘মেৰা পিয়া ঘৰ আয়া’ৰ পুনৰ নিৰ্মিত সংস্কৰণ।গীতটোৰ এই নতুন সংস্কৰণটো নীতি মোহনে গাইছে আৰু এনবী আৰু মায়া গোবিন্দৰ দ্বাৰা লেখা হৈছে।

Also Read: নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'