নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'

নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'

ডিজিটেল ডেস্ক: আলিয়া ভাট, খুব কম বয়সতে বলীউডত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। অদমনীয় অভিনয় তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে আলিয়া প্ৰায় সকলো সময়তে অনুৰাগীৰ মাজত চৰ্চাত থাকে।শেহতীয়াকৈ আলিয়াই কৰা এক বিশেষ কামে অনুৰাগীৰ হৃদয় জয় কৰিছে, সকলোয়ে একেমুখে কৰিছে আলিয়াৰ প্ৰশংসা।হয়, এগৰাকী সংবাদ কৰ্মীৰ ছেণ্ডেল হাতৰে তুলি লোৱাৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এইগৰাকী অভিনেত্ৰী। 

মাতৃ ছ’নী ৰাজদান আৰু ভগ্নী শ্বাহিনৰ সৈতে কালি নৈশ ভোজনৰ বাবে মুম্বাইৰ এখনত ৰেষ্টুৰালৈ আহিছিল আলিয়া ভাট।পৰিয়ালৰ সৈতে আলিয়া নৈশ ভোজনৰ বাবে ওলাই অহাৰ খবৰ লাভ কৰি স্বাভাৱিকভাৱেই সংবাদকৰ্মীসকল সেই ঠাইত উপস্থিত হৈছিল।খাদ্য গ্ৰহণ কৰি মাতৃ-ভগ্নীৰ সৈতে আলিয়া বাহিৰলৈ ওলাই অহাৰ পাছত অনুৰাগী-সংবাদকৰ্মীৰ মাজত হোৱা হেঁচা-থেলাত এজন সংবাদকৰ্মীৰ এপাত ছেণ্ডেল হেৰাই যায়।

ইফালে, সেই ছেণ্ডেলত আলিয়াৰ চকু পৰাত তেওঁ ছেণ্ডেল পাত হাতত লৈ এয়া কাৰ ছেণ্ডেল বুলি প্ৰশ্ন কৰে। আলিয়াই হাতত ছেণ্ডেল লৈ সেই বিশেষ সংবাদকৰ্মীজনৰ হাতত তেওঁৰ হেৰোৱা ছেণ্ডেল পাত তুলি দিয়ে। এই দৃশ্য ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰাত এতিয়া চৌদিশে আলিয়াৰ গুণ-গান আৰম্ভ হৈছে।চেলেব্ৰেটী হৈয়ো ইমান সাধাৰণ আচৰণ কৰা কেনেকৈ সম্ভৱ বুলিও বহুতে প্ৰশ্ন উত্থাপিত কৰিছে।আন একাংশই আলিয়াৰ এই সৰল আচৰণ সকলোৰে আদৰ্শ হ’ব বুলিও মত পোষণ কৰে। 

উল্লেখ্য যে, অতি শীঘ্ৰে ‘ৰ’কী অ’ৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনত আলিয়াৰ অভিনয়ৰ যাদু দৰ্শকে দেখিবলৈ পাব। ইতিমধ্যে ছবিখনৰ গীত তথা ট্ৰেইলাৰে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।ছবিখনৰ প্ৰযোজনা তথা পৰিচালনা কৰণ জোহৰৰ। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা ‘ৰ’কী অ’ৰ ৰাণী কি প্ৰেম কাহানী’ত আলিয়াৰ বিপৰীতে অভিনয় কৰিছে ৰণবীৰ সিঙে।

নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'
'ব্লুু বাটাৰফ্লাই ফিল্মছ'ৰ জৰিয়তে কৃতিয়ে দৰ্শকক উপহাৰ দিব ‘ড’ পট্টি’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in