‘ট্ৰ’লাৰ’ৰ মানসিক নিৰ্যাতনত অতিষ্ঠ সুনীল ছেট্টী

‘ট্ৰ’লাৰ’ৰ মানসিক নিৰ্যাতনত অতিষ্ঠ সুনীল ছেট্টী

ডিজিটেল ডেস্ক: দুই-তিনিটা দশক ধৰি বলীউডত ৰাজত্ব কৰা অতি জনপ্ৰিয় অভিনেতা সুনীল ছেট্টীৰ বিষয়ে ন কৈ দোহৰাৰ হয়তো প্ৰয়োজন নাই।অভিনয়ৰ সমান্তৰালকৈ ব্যতিক্ৰমী ব্যক্তিত্ব তথা অনবদ্য জীৱনশৈলীৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে এইগৰাকী অভিনেতা।তেওঁ শেহতীয়াকৈ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ অৱশ্যে ব্যক্তিগত কাৰণত।কন্যা আথিয়া ছেট্টীক লৈ বেয়া মন্তব্য কৰা একাংশ ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীৰ প্ৰতি ক্ষোভ উজাৰি তেওঁ সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে।

শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতা সুনীল ছেট্টীয়ে কেতবোৰ বিশেষ দিশত পোন প্ৰথমবাৰৰ বাৰে মুকলিকৈ মন্তব্য প্ৰকাশ কৰিছে।তেওঁ কয়, ‘মোৰ জীয়ৰী আথিয়াৰ লগতে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীক ছ’চিয়েল মেডিয়াত খুব বেয়াকৈ ট্ৰ’ল কৰা হয়, যি একেবাৰেই গ্ৰহণযোগ্য নহয়। এয়া এক প্ৰকাৰ মানসিক নিৰ্যাতন।ইয়াৰ দ্বাৰা আমাৰ পৰিয়ালবোৰত যথেষ্ট বেয়া প্ৰভাৱ পৰে। এই বিষয়ে ট্ৰ’ল কৰাসকল কিছু সচেতন হ’ব লাগে।’ উল্লেখ্য যে,অভিনেতাজন ছ’চিয়েল মেডিয়াত খুব সক্ৰিয় হৈ থাকে। প্ৰায় প্ৰতিদিনেই তেওঁৰ নতুন ফটো তথা নতুন খবৰবোৰ অনুৰাগীৰ সৈতে ‘শ্বেয়াৰ’ও কৰি থাকে।

এই সাক্ষাৎকাৰতে আধুনিক সমাজত ছ’চিয়েল মেডিয়াৰ প্ৰভাৱৰ বিষয়ে সোধা এক প্ৰশ্নৰ স্পষ্ট উত্তৰl অভিনেতাজনে কয় যে ' এতিয়া ছ’চিয়েল মেডিয়াই আপোনাৰ জীৱন নষ্ট কৰি দিব পাৰে। ছ’চিয়েল মেডিয়াত সক্ৰিয় যদিও আজিকালি মই মোৰ কাম বা জীৱনৰ বিষয়ে  অত্যাধিক কথা ৰাজহুৱা কৰিবলৈ ভয় কৰা হৈছো।এই মাধ্যমৰ যুগত কাৰো কোনো গোপনীয়তা নাই। ই আপোনাৰ জীৱনটো বেয়াকৈ ধ্বংস কৰিব পাৰে।মই প্ৰকাশ কৰা যিকোনো এটা বিষয়ক ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে কমেও ১৫ ধৰণে উপস্থাপন কৰিব পাৰে, যিটো মোৰ বৰ বেছি ভয় লাগে।মই চিনি নোপোৱা মানুহ এজনে মোক বা মোৰ পুত্ৰ-কন্যাক গালি-গালাজ কৰে। এইবোৰে মোক খুব কষ্ট দিয়ে।' 

এই সাক্ষাৎকাৰটো চৌদিশে বিয়পি পৰাৰ পাছতে আকৌ বহুতে তেওঁৰ সমৰ্থন তথা আন বহুতে তেওঁৰ বিপক্ষে মত প্ৰকাশ কৰিছে।সি যি কি নহওঁক, অদমনীয় অভিনয়ৰে সকলোৰে মন জয় কৰা এইগৰাকী সুদৰ্শন অভিনেতাক দৰ্শকে শীঘ্ৰেই 'হেৰা ফেৰী ৩' দেখিবলৈ পাব।ইফালে, তেওঁৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ‘ৱেব শ্ব' ‘হাণ্টাৰ’য়েও দৰ্শৰ যথেষ্ট সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে।

‘ট্ৰ’লাৰ’ৰ মানসিক নিৰ্যাতনত অতিষ্ঠ সুনীল ছেট্টী
হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in