হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...

হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কানাড়া অভিনেতা সম্পত জে ৰামৰ আকস্মিক মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সম্পতক তেওঁৰ বেংগালুৰুৰ ঘৰত মৃত অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে এয়া এক আত্মহত্যা বুলি সন্দেহ কৰিছে। তথ্য অনুসৰি ৩৫ বছৰীয়া অভিনেতা জনৰ মৃত্যু ২২ এপ্ৰিলত আত্মহত্যাৰ ফলত হৈছে।

অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগী আৰু তেলেগু ছবি জগতত দুখৰ লহৰ পেলাইছে। একাংশই কৈছে যে, কোনো কাম পোৱা নাছিল অভিনেতা গৰাকীয়ে যাৰ বাবে তেওঁ আত্মহত্যাৰ পথ বাছি লয়। অৱশ্যে পৰিয়ালৰ লোকে এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই।

কানাড়া অভিনেতা গৰাকীয়ে কেইবাখনো ছবিত অভিনয় কৰিছিল। প্ৰায় ১ বছৰ আগতে তেওঁ বিবাহ-পাশত আৱদ্ধ হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...
অন্য যুৱতীৰ সৈতে বিয়াত বহাৰ দিনাই প্ৰেমিকাই প্ৰেমিকৰ ওপৰত ঢালিলে এচিড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in