/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/49bb2869-e0b3-4062-82c3-e03ef0aab2bd/AP_FOR_WEB______________.jpg)
ডিজিটেল ডেস্ক: ‘ষ্টাৰ কিড’সকলৰ মাজত সকলো সময়তে চৰ্চাত থকা এক অন্যতম আকৰ্ষনীয় চেহেৰা ছুহানা খান।বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খান আৰু গৌৰী খানৰ একমাত্ৰ কন্যা ছুহানা তেওঁৰ নতুন নতুন ফেশ্বনৰ বাবে দৰ্শকৰ আকৰ্ষণত থাকে।এইবাৰ এখন বিশেষ শাৰী পিন্ধাৰ বাবে শেহতীয়াকৈ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ছুহানা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ea2d7d60-308d-432a-8855-38edf743e837/suhana3.avif)
হয়, ছুহানা খানে তেওঁৰ ঘনিষ্ঠ বান্ধৱী অনন্যা পাণ্ডেৰ সম্পৰ্কীয় ভগ্নীৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈছিল।য’ত তেওঁ এখন আকৰ্ষণীয় চিকমিকীয়া ধোৱাবৰণীয়া শাৰী পৰিধান কৰিছিল।ছুহানাক শাৰীখনৰ সৈতে ইমানেই ধুনীয় দেখা গৈছিল যে, বিয়াৰ নিশাটোত তেওঁয়েই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।উক্ত বিয়াখনৰ ফটো ছ’ছিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই আন এটা কাৰণতহে সকলোৰে আলোচনাৰ বিষয়বস্তু হৈ পৰিল ছুহানা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1fe41194-503c-47bc-830b-824638c78ed0/suhana2.avif)
প্ৰকৃততে, ছুহানাই যিখন শাৰী পিন্ধিছে, সেইখন তেওঁৰ মাতৃ গৌৰী খানৰ শাৰী।গৌৰী খানে আগতে এটা অনুষ্ঠানত সেই শাৰীখন পৰিধান কৰিছিল।এয়া পিছে অনুৰাগীসকলৰহে কথা।অনুৰাগীসকলৰ মতে, শাৰীখনৰ সৈতে মাতৃৰ দৰেই ধুনীয়া লাগিছে ছুহানাক।‘লাইক মাডাৰ লাইক ডটাৰ’।আনহাতে, বহু অনুৰাগীয়ে গৌৰী খান আৰু ছুহানা খানে পিন্ধা সেই একে শাৰীৰ ফটো ‘কলাজ’ বনাই ছ’ছিয়েল মেডিয়াত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।পিছে শাৰীখন মাতৃৰ নে নিজৰ, সেই বিষয়ে বৰ্তমানেও স্পষ্ট কৰা নাই ছুহানা খানে।
Also Read: ভাইৰেল ফটোয়ে উদঙাইছে সকলো