/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e90364f6-16a0-403a-b191-7fd41a680e06/AP_FOR_WEB___Hritik__1_.jpg)
ডিজিটেল ডেস্ক: বলীউডত ওলাইছে আৰু এখন বিয়া।হয়, দ্বিতীয়বাৰৰ বাবে বিয়াত বহিবলৈ সাজু হৈছে ‘গ্ৰীক গড’ খ্যাত বলীউডৰ ছুপাৰষ্টাৰ হৃত্বিক ৰোশন।হৃতিক দীৰ্ঘদিন ধৰি অভিনেত্ৰী তথা গায়িকা ছাবা আজাদৰ সৈতে সম্পৰ্কত আছে। শেহতীয়াকৈ টুইটাৰত এটা বিশেষ প’ষ্ট ভাইৰেল হৈছে, য’ত ছাবা আৰু হৃতিক এই বছৰতে বিয়াত বহিব বুলি উল্লেখ আছে। টুইটাৰত এটা পৰ্টেলে দাবী কৰিছে যে হৃত্বিক আৰু ছাবা আগন্তুক নৱেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c869eae8-be99-4d0e-9ece-71b7a8ac99e6/saba.jpg)
অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।আনহাতে, হৃত্বিক ৰোশন আৰু ছাবা আজাদক আজিকালি প্ৰায়ে একেলগে দেখা যায়। তেওঁলোক খুব ঘনাই বিদেশলৈও ফুৰিবলৈ যায়।শেহতীয়াকৈ হৃত্বিক, তেওঁৰ দুই পুত্ৰ সন্তান আৰু ছাবা একেলগে ফুৰিবলৈ গৈছিল। এই ভ্ৰমণৰ ফটো ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।এই ফটোবোৰত একাংশ অনুৰাগীয়ে তেওঁলোকৰ যুটিটোক প্ৰশংসা কৰাৰ লগতে আন একাংশই তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/07aae2e1-3e76-49ef-9fbd-c04162f724d6/hrithikroshanandsabaazad41658228998.webp)
হৃতিকে এটা সাক্ষাৎকাৰত জনোৱা মতে, ছাবা আৰু তেওঁ একেলগে থকাৰ বাবে মুম্বাইত শ্বাহৰুখ খানৰ বাংলো ‘মন্নত’ৰ ওচৰতে এটা ভৱনৰ ওপৰৰ দুটা মহলা কিনিছে। ইয়াৰ মূল্য ৯৭.৫০ কোটি টকা। ৩৮০০০ বৰ্গ ফুটৰ এই ‘ডুপ্লেক্স’টো ভৱনটোৰ ১৫ আৰু ১৬ মহলাত আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6ef377f2-c469-46c6-9dfe-f9b572cecf3d/hriririririri2022040706525520220407071748.avif)
উল্লেখ্য যে, ছাবা এতিয়া হৃত্বিকৰ প্ৰথম পত্নী ছুজেইন খানৰ ভাল বান্ধৱী।হৃত্বিক আৰু ছুজেইনৰ ২০১৪ চনত বিবাহ বিচ্ছেদ হৈছিল।বিচ্ছেদৰ পিছত দুয়ো এতিয়া তেওঁলোকৰ নিজ নিজ জীৱনত আগবাঢ়ি গৈছে। ছুজেইন আৰ্ছলান গনীৰ সৈতে সম্পৰ্কত আছে আৰু হৃত্বিক ছাবাৰ প্ৰেমত মছগুল হৈ আছে।এওঁলোক চাৰিজনকে প্ৰায়ে একেলগে পাৰ্টি কৰা দেখা যায়।পাৰ্টীৰ ফটোবোৰ ভাইৰেল হোৱাৰ পাছতে অৱশ্যে আটাইকেইজন তীব্ৰ সমালোচনাৰো সন্মুখীন হয়।