প্ৰেমিকৰ সৈতে জন্মদিন উদযাপন কৰা ফটো হ’ল ভাইৰেল, চৌদিশে প্ৰতিক্ৰিয়া

বলীউডৰ ‘ষ্টাৰকিড’ৰ কথাই সুকীয়া।তাৰকা পিতৃ-মাতৃৰ সমান্তৰালকৈ প্ৰতিদিনে নতুন নতুন বিষয়ক লৈ চৰ্চাৰ শীৰ্ষত থাকে ‘ষ্টাৰকিড’সকল। শেহতীয়াকৈ এনে এগৰাকী ‘ষ্টাৰকিড’য়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।হয়, মাজনিশা ঘৰৰ পৰা ওলাই প্ৰেমিকৰ জন্মদিনৰ পাৰ্টীত অংশ গ্ৰহণ কৰি চৰ্চালৈ অহিছে বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ তনয়া ছুহানা খান।

author-image
Asomiya Pratidin
New Update
প্ৰেমিকৰ সৈতে জন্মদিন উদযাপন কৰা ফটো হ’ল ভাইৰেল, চৌদিশে প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: বলীউডৰ ‘ষ্টাৰকিড’ৰ কথাই সুকীয়া।তাৰকা পিতৃ-মাতৃৰ সমান্তৰালকৈ প্ৰতিদিনে নতুন নতুন বিষয়ক লৈ চৰ্চাৰ শীৰ্ষত থাকে ‘ষ্টাৰকিড’সকল। শেহতীয়াকৈ এনে এগৰাকী ‘ষ্টাৰকিড’য়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।হয়, মাজনিশা ঘৰৰ পৰা ওলাই প্ৰেমিকৰ জন্মদিনৰ পাৰ্টীত অংশ গ্ৰহণ কৰি চৰ্চালৈ অহিছে বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ তনয়া ছুহানা খান।

Advertisment

হয়, শ্বাহৰুখ খানৰ কন্যা ছুহানা খান আৰু অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দাৰ সম্পৰ্কৰ বিষয়ে এতিয়া সকলো জ্ঞাত।ছুহানা, অগষ্ট্য তথা তেওঁলোকৰ পৰিয়ালে এই সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ নকৰিলেও এই সম্পৰ্ক এতিয়া লুকাই থকা নাই। শেহতীয়াকৈ অগষ্ট্যই উদযাপন কৰিলে তেওঁৰ ২৩ সংখ্যক জন্মদিন আৰু এই জন্মদিন উদযাপনৰ বাবেই ছুহানা মাজনিশা ঘৰৰ পৰা ওলাই অগষ্ট্যৰ ঘৰত উপস্থিত হয়গৈ। 

উল্লেখ্য যে, মুক্তিৰ অপেক্ষাত থকা ‘দ্য আৰ্চিছ’ ছবিখনত একেলগে অভিনয় কৰিছে অগষ্ট্য আৰু ছুহানাই। এই ছবিখনৰ শ্বুটিঙৰ সময়তে তেওঁলোকৰ মাজৰ সম্পৰ্ক খুব ঘনিষ্ঠ হৈ পৰে। ছবিখনৰ আন এজন অভিনেতা মিহিৰ আহুজাই এই জন্মদিন উদযাপনৰ এখন ফটো ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰোতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।ফটোখনত ছুহানাক অগষ্ট্যৰ সৈতে  কেক কাটি থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পাছতে ছ'চিয়েল মেডিয়াত বহুতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে, ছুহানাই ইনষ্টাগ্ৰাম ষ্ট'ৰীতো অগষ্ট্যৰ সৈতে তোলা এখন পুৰণি ফটো শ্বেয়াৰ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে।

Also Read: মাতৃৰ শাৰী পিন্ধি উজলি উঠিল শ্বাহৰুখ তনয়া ছুহানা