'পাঠান' চলিব, 'ডাঃ বেজবৰুৱা' আহিবঃ 'অনুৰ' আৰু বাকীবোৰৰ কি হ'ব?

'পাঠান' চলিব, 'ডাঃ বেজবৰুৱা' আহিবঃ 'অনু' আৰু বাকীবোৰৰ কি হ'ব?
'পাঠান' চলিব, 'ডাঃ বেজবৰুৱা' আহিবঃ 'অনু' আৰু বাকীবোৰৰ কি হ'ব?

এফালে 'পাঠান'ৰ বিতৰ্ক আৰু আনহাতে 'ডাঃ বেজবৰুৱা-২'ৰ চৰ্চা। তাৰ মাজতেই চিনেমা হলৰ বাবে হাহাকাৰ আন এখন অসমীয়া ছবি 'অনুৰ'। পি ভি আৰত চহৰৰ দৰ্শকে চিনেমা চালেই জীয়াই থাকিবনে অসমীয়া চিনেমা? কিদৰে ঘূৰি আহিব অসমীয়া চিনেমাৰ সুদিন? এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

দেশৰ লগতে অসমতো এতিয়া 'পাঠান'ৰ বিতৰ্ক। বলিউড বাদশ্বাহ শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত 'পাঠান' ছবিখনক এফালে বৰ্জনৰ হুংকাৰ আনফালে আকৌ শ্বাহৰুখৰ অনুৰাগীৰ 'পাঠান' চিনেমাখন সফল কৰাৰ অংগিকাৰ।

তাৰ মাজতে জুবিন গাৰ্গৰ হুংকাৰ। জুবিনৰ স্পষ্ট কথা-শ্বাহৰুখ খানে পাঠান ৰিলিজ কৰিব আৰু মই ডাঃ বেজবৰুৱা ৰিলিজ কৰিম। ডাঃ বেজবৰুৱাৰ প্ৰযোজক মই নহলেও চিনেমাখনত অভিনয় আৰু গানৰ কাম কৰিছো। চাও কাক বেছি ভাল পায়।'

দুখনকৈ চিনেমাক লৈ এইদৰে চলি থকা বিতৰ্ক আৰু চৰ্চাৰ মাজতে আকৌ আন এখন অসমীয়া চিনেমাই গুৱাহাটীত হল বিচাৰি হাবাথুৰি খাইছে। ২৭ জানুৱাৰীত মুক্তি পাবলগীয়া 'অনু'ৰ নামৰ এই চিনেমাখনে এই পৰ্যন্ত গুৱাহাটীৰ কোনো এটা হলেতেই এটাও প্ৰদৰ্শনীৰ বাবে সুবিধা লাভ কৰা নাই। এয়াই আজিৰ অসমীয়া চিনেমাৰ অৱস্থা।

চিনেমাৰ এনে গৰম খবৰৰ মাজতেই কিছু অতীত ৰোমন্থনৰ চেষ্টাৰেই এই বিশেষ প্ৰতিবেদন। উভতি যাওঁ আহক ৮০ আৰু ৯০ দশকৰ লগতে একবিংশ শতিকাৰ প্ৰথম চোৱাৰ সেই সময়খিনিলৈ। অতীত ৰোমন্থনে কিজানি মুকলি কৰি দিয়েই অসমীয়া চিনেমাৰ সোণালী ভৱিষ্যতৰ বাট।

বৰ বেছি দিনৰ কথা নহয়, ২০০০ চনত মুক্তি পাইছিল এখন অসমীয়া চিনেমা ‘হিয়া দিয়া নিয়া’। মুনীন বৰাৰ দ্বাৰা পৰিচালিত এই চুপাৰ হিট চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা আদিয়ে।

চিনেমাখনত সংগীত পৰিচালক হিচাপে আছিল জুবিন গাৰ্গ। সমগ্ৰ অসমতে আলোড়নৰ সৃষ্টি কৰা এই চিনেমাখনে সলনি কৰি তুলিছিল সেই সময়ৰ অসমৰ চিনেমা জগতৰ পৰিৱেশ।

মাত্ৰ এটা উদাহৰণে স্পষ্ট কৰিব সেই সময়ৰ অসমীয়া চিনেমা কোনটো পৰ্যায়ত আছিল। তেজপুৰৰ জোনাকী চিনেমা হলতো লাগিছিলি 'হিয়া দিয়া নিয়া।'এই হিয়া দিয়া নিয়া চিনেমাখন চাবলৈকে শোণিতপুৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা বাছ ভাড়া কৰি তলে ওপৰে মানুহ গৈছিল তেজপুৰলৈ।

জোনাকী হলৰ বাহিৰত টিকটৰ কাৰণে লাগিছিলি মাৰ-পিট। টিকট কাউণ্টাৰৰ পৰা টিকট ল’ব নোৱাৰি বহুতেই আকৌ ব্লেকত টিকট কাটি চাইছিল চিনেমাখন। অপৰাধ হলেও সেই সময়ত চিনেমা হলৰ বাহিৰত টিকট ব্লেক কৰিয়েই বহুতেই চলাই আছিল আকৌ পৰিয়াল।

হিয়া দিয়া নিয়া চিনেমাখন চাবলৈকে কোনোবা যদি গৈছে ভঁৰালৰ ধান বিক্ৰী কৰি আন কোনোবা গৈছিল আকৌ হাঁহ, কুকুৰা, ছাগলী আদি বিক্ৰী কৰি। মাত্ৰ ২২ টা বছৰৰ আগৰ কথা আছিল এয়া।

হিয়া দিয়া নিয়াৰ পূৰ্বেও অসমীয়া চিনেমা হিট হৈছে। ১৯৬৯ চনত 'ডাঃ বেজবৰুৱা'ই বাণিজ্যিক ভাৱে সফল চিনেমাৰ এটা ধাৰাৰ সৃষ্টি কৰিছিল।অসমীয়া চলচ্চিত্ৰৰ আছে এক বৰ্ণিল ইতিহাস। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই মুকলি কৰিছিল এখন নতুন দুৱাৰ।

ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ আছিল ‘জয়মতী’। ১৯৩৫ চনৰ পৰা ২০২৩ চনলৈ এই ৮৮ টা বছৰত অসমীয়া চিনেমা জগতত ঘটিল বিভিন্ন উত্থান-পতন।

চল্লিশৰ দশকত ১৯৩৫ চনৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’, ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’, পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ‘ৰূপহী’, কমল নাৰায়ন চৌধুৰীৰ ‘বদন বৰফুকন’, সুৰেশ চন্দ্ৰ গোস্বামীৰ ‘ৰুণুমী’, ফণী শৰ্মাৰ ‘চিৰাজ’য়ে অসমীয়া চিনেমাৰ ধাৰাটোক আগবঢ়াই লৈ গৈছিল।

৫০ ৰ দশকটোৱে আৰম্ভ কৰিছিল অসমীয়া চিনেমাৰ সাফল্যৰ এটা নতুন ধাৰা। ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকনে’ পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃতি লাভ কৰিছিল।

যশস্বী পৰিচালক নিপ বৰুৱাই ৫০ ৰ দশকতে পৰিচালনা কৰিছিল তেওঁৰ প্ৰথমখন চিনেমা ‘স্মৃতিৰ পৰশ’। এই সময়খিনিতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকায়ো চলচ্চিত্ৰ পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰিছিল।

ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা‘এৰা বাটৰ সুৰে' অসমীয়া চলচ্চিত্ৰ জগতত আৰম্ভ কৰে আধুনিক ধাৰা। ১৯৫৯ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত 'পূবেৰুণে' অসমীয়া চল্চ্চিত্ৰৰ বাবে মুকলি কৰি দিয়ে আন্তৰ্জাতিক ক্ষেত্ৰত এখন নতুন দুৱাৰ।

ঠিক একেদৰে ৬০ আৰু ৭০ ৰ দশকত অসমীয়া চিনেমাই নতুনত্বৰ দিশে অগ্ৰসৰ হয়। এই সময়চোৱাত সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মনিৰাম দেৱান’, নিপ বৰুৱাৰ ‘নৰকাসুৰ’, ভূপেন হাজৰিকাৰ ‘শকুন্তলা’ ‘প্ৰতিধ্বনি’, ‘লটিঘটি’, ‘চিকমিক বিজুলী’ আদি চিনেমা নিৰ্মাণ হয়।

ব্ৰজেন বৰুৱায়ো এই সময়তে নিৰ্মাণ কৰে প্ৰথমখন অসমীয়া খুহুতীয়া চিনেমা ‘ইটো সিটো বহুতো’। ব্ৰজেন বৰুৱাৰে ‘ডাঃ বেজবৰুৱা’ চিনেমাখনে বাণিজ্যিক ভাৱে অভাৱনীয় সফলতা অৰ্জন কৰে।

১৯৬৯ চনৰ 'ডাঃ বেজবৰুৱা'ৰ পৰা এতিয়া ২০২৩ ৰ ড০ বেজবৰুৱা-২ লৈ এক সুদীৰ্ঘ সময়। অসমীয়া চিনেমা জগতৰ প্ৰথমখন বাণিজ্যিক ভাৱে অতি সফল চিনেমাৰ ছিকুৱেল 'ডাঃ বেজবৰুৱা-২' ছবিগৃহলৈ আহিব ৩ ফেব্ৰুৱাৰীত।

১৯৩৫ চনৰ পৰা ২০২৩ লৈ অসমীয়া চিনেমাৰ বহু উত্থান, পতন হ'ল। বহু কেইখনে লাভ কৰিলে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। সৌ সিদিনা ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’ চিনেমাখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল বঁটাৰ লগতে দেশে-বিদেশে বিভিন্ন খ্যাতি অৰ্জন কৰিছে।

আকৌ আহিছো 'হিয়া দিয়া নিয়া' চিনেমাখনৰ সময়চোৱালৈ। সেই সময়ত যি কেইটা লেখত লবলগীয়া চিনেমা হল অসমৰ প্ৰধান চহৰসমূহত আছিল তাৰ বাহিৰেও অসমৰ গাঁৱে-ভূঞে চিনেমা উপভোগৰ এটা ব্যৱস্থা কৰা হৈছিল।

বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, টুচু পূজা, কৰম পূজা আদি উপলক্ষত পৰ্দাৰ জৰিয়তে বাগানসমূহত চিনেমা দেখুওৱাৰ এক ব্যৱস্থা কৰা হৈছিল। কেৱল বাগানেই নহয়, ঠায়ে ঠায়ে আকৌ স্কুলগৃহ অথবা চিনেমা চাবলৈকে বাঁহেৰে ঘৰ নিৰ্মাণ কৰি তাঁত পৰ্দাৰ জৰিয়তে দেখুওৱা হৈছিল হিন্দী, অসমীয়া আদি চিনেমা।

বিশেষকৈ মধ্য অসমৰ মৰিগাওঁ, নগাওঁ, শোণিতপুৰকে ধৰি বিভিন্ন অঞ্চলত সৌ সিদিনালৈকে এইদৰে চিনেমা চোৱাৰ এক পৰিৱেশ গঢ়লৈ আছিল। নাম মাত্ৰ ধনেৰে ৰাইজে পৰ্দাৰ জৰিয়তে উপভোগ কৰিছিল এনে চিনেমা। ভিচিডি অহাৰ পূৰ্বে আছিল এই ব্যৱস্থা।

অসমীয়া চিনেমাৰ সেই সোণালী সুদিন এতিয়া অতীত। বিগত বহু কেইটা বছৰত অসমীয়া চিনেমাই নহয়, অসমীয়া চিনেমা উদ্যোগটোৱেই ধ্বংস হৈ পৰিল। যি কেইটা চিনেমা হলত এসময়ত দৰ্শকে গিজগিজাই আছিল সেই চিনেমা হলৰ অধিকাংশই এতিয়া অতীত।

ক'ৰবাত যদি চিনেমা হ'ল ভাঙি মাৰ্কেটিং কম্প্লেকছ গঢ়ি তোলা হ'ল আন ক'ৰবাত আকৌ বিবাহ ভৱন নিৰ্মাণ কৰা হ'ল। ভিচিডি অহাৰ লগে লগে আকৌ গাঁৱে গাঁৱে থকা মিনি চিনেমাহল সদৃশ পৰ্দাত চিনেমা চোৱাৰ সেই পৰিৱেশৰো অন্ত পৰিল।

জুবিন গাৰ্গৰ 'মিছন চাইনা', 'কাঞ্চনজংঘা', যতীন বৰাৰ 'ৰত্নাকৰ'ৰ উপৰিও 'লোকেল কংফু', 'গৰু' আৰু অতি শেহতীয়াকৈ 'বুলু ফিল্ম'। এইকেইখন বাদ দি বাকী যিমানবোৰ অসমীয়া চিনেমা আহিল সকলোৱেই বাণিজ্যিক সফলাত লাভ কৰিবলৈ সক্ষম নহ'ল। বহু কেইখন চিনেমাই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিলে যদিও বাণিজ্যিক ভাৱে বিফল হ'ল।

হিমাংশু প্ৰসাদ দাসৰ 'গৰু' আৰু 'বুলু ফিল্ম' বাণিজ্যিক ভাৱে সফল হোৱাৰ আঁৰত আছিল অভিনৱ প্ৰচাৰ কৌশলৰ লগতে চিনেমাখন গাঁৱৰ ৰাইজৰ মাজলৈ লৈ যোৱাটো।ঠিক যেন সেই ৯০ দশকৰ সময়খিনিৰেই পুনৰাবৃত্তি।

অসমৰ বিভিন্ন অঞ্চললৈ লৈ গৈছিল তেওঁৰ চিনেমা। হলৰ নাটনিৰ বাবে হিমাংশু প্ৰসাদ দাসে গাঁৱে গাঁৱে তেওঁৰ চিনেমা লৈ গৈ পৰ্দাৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। হিমাংশু প্ৰসাদ দাসে পূৰ্বে প্ৰচলিত এক ব্যৱস্থাকে নতুনকৈ ব্যৱহাৰ কৰি বাণিজ্যিক ভাৱে সফল কৰি তুলিলে তেওঁৰ চিনেমা।

যিসময়ত চিনেমা হলৰ বাবে অসমীয়া চিনেমাই হাহাকাৰ কৰিবলগীয়া হৈছে, চিনেমা হল বিচাৰি প্ৰযোজক, পৰিচালকে হাবাথুৰি খাবলগীয়া হৈছে সেই সময়ত হিমাংশু প্ৰসাদ দাসে গাঁৱে গাঁৱে চিনেমা লৈ যোৱাৰ ব্যৱস্থাক কিছু আধুনিক ৰূপ দি অসম চৰকাৰৰ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে কিছু পদক্ষেপ গ্ৰহণ কৰি অসমীয়া চিনেমাক বাণিজ্যিক ভাৱে সফল কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

ৰাজ্যৰ প্ৰতিখন চহৰত যিদৰে ক্ষুদ্ৰ চিনেমা হল নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে, ক্ষুদ্ৰ চিনেমা হলে চিনেমা হলৰ অভাৱ দূৰ কৰিব বুলি কোৱা হৈছে তেনে সময়ত কিয় গাঁৱে গাঁৱে চিনেমা লৈ যোৱাৰ কথা ভবা হোৱা নাই?  

মনোৰঞ্জন ল'বলৈ মানুহে চিনেমা চাই। আজিৰ তাৰিখত চহৰে চহৰে নতুনকৈ গঢ়লৈ উঠা পি ভি আৰত গাঁৱৰ চহা খেতিয়কে ৩০০ ৰ ৫০০ টকা ব্যয় কৰি এখন চিনেমা চাব নোৱাৰে। চহৰলৈ গৈ এখন চিনেমা চোৱাৰ নামত অতি কমেও হাজাৰ টকা ব্যয় কৰাটো চহা অসমীয়াৰ বাবে অসম্ভৱ কথা।

অথচ অসমীয়া চিনেমাৰ দৰ্শক এই চহা লোকসকলেই। অসমীয়া চিনেমা চাব অসমৰ গ্ৰামাঞ্চলৰ ৰাইজে। এখন চিনেমা চাবলৈ আজিৰ তাৰিখত এটা দিন নষ্ট কৰিব নিবিচাৰে কোনো ব্যক্তিয়েই।

এনে পৰিস্থিতত যদি অসম চৰকাৰে অন্ততঃ প্ৰতিটো পঞ্চায়তৰ এলেকাত আধুনিক প্ৰযুক্তি আৰু উন্নত মানদণ্ডৰে পৰ্দাত চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰে তেনে নিশ্চয় ৰাইজে চিনেমা চাবলৈ যাব। দিনটোৰ ব্যস্ততাৰ অন্তত মনোৰঞ্জনৰ বাবে গধূলি কিছু সময় নিশ্চয় চিনেমা চাবলৈ যাব গ্ৰাম্যাঞ্চলৰ নাগৰিক।

এনেদৰে চিনেমা প্ৰদৰ্শন কৰিলে হলৰ নাটনিও দূৰ হ'ব আৰু অসমীয়া চিনেমাই দৰ্শকো লাভ কৰিব। চিনেমা চোৱাৰ নামত দৰ্শকেও দিনটোৰ উপাৰ্জনৰ টকা কেইটা খৰচ কৰিব নালাগে।

গাত নলগাকৈয়ে নাম মাত্ৰ পইছা খৰচ কৰিয়েই চিনেমা উপভোগ কৰিব পাৰিব দৰ্শকে। ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ কিছু সঠিক পৰিকল্পনা আৰু আন্তৰিকতা। চিনেমা নিৰ্মাণ কৰিলেই নহ'ব। চিনেমা এখন বাণিজ্যিক ভাৱে সফল কৰাৰ কৌশলো জানিব লাগিব।

অসমীয়া চিনেমা এখনৰ পৰিচালক, প্ৰযোজকে পাহৰি যাব নালাগিব চিনেমাখনৰ মূল দৰ্শক হ'ব অসমীয়া মানুহখিনিহে। কোটি কোটি টকা ব্যয় কৰি চিনেমা হল নিৰ্মাণৰ পৰিৱৰ্তে যদি প্ৰতিটো পঞ্চায়তৰ অধীনত সীমিত আন্তঃগাঁথনিৰেই এইদৰে চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় তেনে ভাল চিনেমাই দৰ্শক বিচাৰি হাহাকাৰ কৰাৰ থল নিশ্চয় নাথাকিব।

কোনোবা বলিউড বাদশ্বাহৰ চিনেমাৰ বাবে 'অনু'ৰ দৰে অসমীয়া চিনেমাই হল বিচাৰিও হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সূচনা নহ'ব। অসমীয়া চিনেমাৰ সোণালী দিন ঘূৰি আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in