/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9589c84a-84cf-4d29-b67d-3356aff4c7a8/rishi_23.jpg)
আনৰ বাহন নিজৰ বুলি ভাড়ালৈ দিয়া, বিক্ৰী কৰা ঋষি পৰিল আৰক্ষীৰ জালত...
ডিজিটেল ডেস্কঃ অৱশেষত জালত পৰিল আনৰ গাড়ী নিজৰ বুলি ফিতাহী মৰা ঋষি ৰাজখোৱা। ট্ৰেভেল এজেঞ্চীৰ বাহন ভাড়ালৈ লৈ সেইবোৰ বাহন আকৌ আনলৈ ভাড়াত দিয়াৰ লগতে নিজৰ বুলি ফিতাহি মাৰি বন্ধকতো দিছিল ঋষি ৰাজখোৱাই।
গুৱাহাটীৰ ছেলফ ড্ৰাইভ এজেঞ্চী, গৌ ইজি টাৱাৰ এণ্ড ট্ৰেভেল আৰু পিক কাৰ ডটৰ পৰা গাড়ী ভাড়াত লৈছিল নগাওঁ কামপুৰৰ যুৱক ঋষি ৰাজখোৱাই ৷ ৩টাকৈ এজেঞ্চীৰ পৰা লোৱা ভাড়া গাড়ীসমূহ ঋষি ৰীজখোৱাই নিজৰ বাহন বুলি কৈ আনলৈ ভাড়া দিয়াৰ লগতে বন্ধকতো ৰাখিছিল ৷ ইয়াৰে আকৌ এখন বাহন নিজৰ পৰিয়ালৰ সদস্যক বিক্ৰীও কৰিছিল ঋষিয়ে।
ইফালে ট্ৰেভেল এজেঞ্চী কেইটাক ঋষিয়ে গাড়ী ভাড়ালৈ লোৱাৰ বিনিময়ত আদায় দিবলগীয়া ধন নিদিয়াৰ বাবে তিনিওটা এজেঞ্চীয়েই কাষ চাপে আৰক্ষীৰ। দিছপুৰ আৰক্ষীয়ে অভিযোগ পোৱাৰ পিছতে আৰম্ভ কৰে তদন্ত।
এই তদন্তৰ মাজতে দিছপুৰ আৰক্ষীয়ে নগাওঁ কামপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ৯খন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লগতে গ্ৰেপ্তাৰ কৰিছে ঋষি ৰাজখোৱাক ৷ এতিয়াও সন্ধান নাই আন এখন বাহনৰ।
ক্লিক কৰি পঢ়কঃ নৱগ্ৰহত বাবুল চৌধুৰীৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন...