‘বিগ বছ ১৭’ৰ পৰা বাহিৰ হৈয়ে বহু প্ৰতিযোগীৰ মুখা খুলিলে ছোনিয়া বানছালে

‘বিকি জৈনৰ ব্যক্তিত্বত আকৰ্ষণীয় একোয়েই নাই। তেওঁ য’ত থাকে কেৱল নেতিবাচকতা আনে।সম্পৰ্কবোৰ ভাঙি তেওঁ খুব ভাল পায়।এই মন্তব্য ছোনিয়া বানছালৰ।

author-image
Asomiya Pratidin
New Update
‘বিগ বছ ১৭’ৰ পৰা বাহিৰ হৈয়ে বহু প্ৰতিযোগীৰ মুখা খুলিলে ছোনিয়া বানছালে

ডিজিটেল ডেস্ক: ‘বিকি জৈনৰ ব্যক্তিত্বত আকৰ্ষণীয় একোয়েই নাই। তেওঁ য’ত থাকে কেৱল নেতিবাচকতা আনে।সম্পৰ্কবোৰ ভাঙি তেওঁ খুব ভাল পায়।এই মন্তব্য ‘বিগ বছ১৭’ৰ পৰা শেহতীয়াকৈ বাহিৰ হোৱা প্ৰতিযোগী ছোনিয়া বানছালৰ।হয়, টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী বিকি জৈনৰ সন্দৰ্ভত এই মন্তব্য কৰে ছোনিয়াই।

Advertisment

টেলিভিছৰ অতি জনপ্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা'ৰ 'অৰ্চনা'ৰ পৰা বলীউডত নিজৰ সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা অংকিতা ল’খণ্ডেৰ স্বামী বিকি। ‘বিগ গছ ১৭’ত অংকিতা আৰু বিকিক ইতিমধ্যেই দৰ্শকে পছন্দ কৰিছে।কিন্তু বহু প্ৰতিযোগীৰ মতে অংকিতাৰ দৰে বিকি বিশ্বাসযোগ্য নহয়।সকলোৰে মাজত কাজিয়া লগোৱাহে পাকৈত বিকি। বিকিৰ স্বভাৱত অতিষ্ঠ হৈ বহু সময়ত প্ৰতিযোগীসকলে মুকলিকৈ তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।  

'বিগ গছ ১৭’ৰ যাত্ৰা শেষ কৰি ছোনিয়াই মুকলিকৈ আন এগৰাকী প্ৰতিযোগীৰো মুখা খুলিছে। ছোনিয়াৰ মতে, ইউটিউবাৰ অনুৰাগেও সকলোকে প্ৰৱঞ্চনা কৰে।অনুৰাগৰ প্ৰৱঞ্চনাৰ বাবেই হেনো তেওঁ ‘বিগ বছ ১৭’ৰ পৰা বাহিৰ হ’বলগীয়া হ’ল।

উল্লেখ্য যে, ‘বিগ বছ ১৭’ত অংশগ্ৰহণ কৰিছে এগৰাকী অসম কন্যাই।তেওঁ হৈছে ফিৰোজা খান ওৰফে খানজাদী।সম্প্ৰতি নিজৰ সুকীয়া ব্যক্তিত্বৰে দেশবাসীৰ মাজত সম্প্ৰতি উজলি আছে খানজাদী।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত