ৱেব ছিৰিজে সলনি কৰিলে এইগৰাকী অভিনেত্ৰীৰ কেৰিয়াৰ

বহু কেইখন সফল ছবি আৰু ৱেব ছিৰিজৰ পাছত এইবাৰ হলীউডত অভিনয়ৰ যাদু দেখুৱাব শোভিতা ধুলিপালাই। হয়, অতি শীঘ্ৰেই হলীউডৰ ছবি ‘মাংকি মেন’ত দৰ্শকে দেখিবলৈ পাব এইগৰাকী সুন্দৰী অভিনেত্ৰীক।

author-image
Asomiya Pratidin
New Update
ৱেব ছিৰিজে সলনি কৰিলে এইগৰাকী অভিনেত্ৰীৰ কেৰিয়াৰ

ডিজিটেল ডেস্ক : বহু কেইখন সফল ছবি আৰু  ৱেব ছিৰিজৰ পাছত এইবাৰ হলীউডত অভিনয়ৰ যাদু দেখুৱাব শোভিতা ধুলিপালাই। হয়, অতি শীঘ্ৰেই হলীউডৰ ছবি ‘মাংকি মেন’ত দৰ্শকে দেখিবলৈ পাব এইগৰাকী সুন্দৰী অভিনেত্ৰীক।

Advertisment

শেহতীয়া এক সাক্ষাৎকাৰত এই সন্দৰ্ভত শোভিতাই প্ৰকাশ কৰা মতে, ২০১৬ত মুক্তি লাভ কৰা তেওঁৰ প্ৰথম ছবি ‘ৰমন ৰাঘৱ ২.০’ কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে মনোনীত হৈছিল আৰু টিআইএফএফত ছবিখন তথা তেওঁৰ অভিনয়ে যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।যিয়ে তেওঁক হলীউডৰ যাত্ৰাত বহুখিনি সহায় কৰিছে।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘এই যাত্ৰা মোৰ বাবে প্ৰত্যাহ্বান হ’লেও মোৰ আত্মবিশ্বাসে বেলেগ ভাষা আৰু বেলেগ ছবি উদ্যোগত কাম কৰাত সহায় কৰিব। ‘মাংকি মেন’ত মোৰ চৰিত্ৰও অতি বিশেষ। ছবিখন এক প্ৰতিশোধৰ কাহিনী।মই স্বীকাৰ কৰো যে দৰ্শকে আদৰি লোৱা বিশেষ দুখন ৱেব ছিৰিজ ‘মেড ইন হেভেন’ আৰু ‘নাইট মেনেজাৰ’য়ে মোৰ কেৰিয়াৰ অভাৱনীয়ভাৱে সলনি কৰিলে।পৰৱৰ্তী সময়তো বলীউডৰ ছবি আৰু ৱেব ছিৰিজত অভিনয় কৰিবলৈ মই খুব আগ্ৰহী।

Also Read: ফুলিল মুখ, বাঢ়িল ওজন..চিনিব নোৱাৰা হৈ গ’ল ছলমানৰ নায়িকা