ফুলিল মুখ, বাঢ়িল ওজন..চিনিব নোৱাৰা হৈ গ’ল ছলমানৰ নায়িকা

ফুলিল মুখ, বাঢ়িল ওজন..চিনিব নোৱাৰা হৈ গ’ল ছলমানৰ নায়িকা

ডিজিটেল ডেস্ক: বলীউডৰ পৰা টিভি চেলিব্ৰেটীলৈকে, সকলোৰে পৰিচয় বহন কৰে তেওঁলোকৰ সৌন্দৰ্যই। কিছুমানে আনকি তেওঁলোকৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিবলৈ অস্ত্ৰোপচাৰৰো সহায় লয়। অৱশ্যে কেতিয়াবা এনে অস্ত্ৰোপচাৰৰ কৰাৰ বাবে একাংশৰ লাভৰ সলনি ক্ষতিহে হয়। ইয়াৰ এক জলন্ত উদাহৰণ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আয়েশা টাকিয়া। ওঁঠৰ অস্ত্ৰোপচাৰৰ পিছত যেন শেষ হৈ গ’ল আয়েশাৰ কেৰিয়াৰ।এতিয়াতো তেওঁক চিনি পোৱাটোয়েই কঠিন হৈ পৰিছে।

শেহতীয়াকৈ, আয়েশা টাকিয়াক তেওঁৰ পুত্ৰ মিখাইল আজমীৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা গৈছিল।কিন্তু, প্ৰথমে তেওঁক কোনেও চিনিব পৰা নাছিল।নীলা ৰঙৰ প্ৰিণ্টেড চুৰিদাৰ পৰিধান কৰা আয়েশাৰ ওজন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।ওঁঠ আৰু মুখৰ অস্ত্ৰোপচাৰৰ বাবে তেওঁৰ মুখখনো ফুলা দেখা গৈছিল।

এই নতুন চেহেৰালৈ চাই কোনেও ক'ব নোৱাৰে যে এয়া এসময়ৰ সকলোৰে প্ৰিয় অভিনেত্ৰী আয়েশা টাকিয়া।আয়েশাৰ এই ফটো ভাইৰেল হোৱাৰ পাছতে সকলো অনুৰাগীয়ে আচৰিত হৈ ছ’চিয়েল মেডিয়াযোগে তেওঁক উদ্দেশ্যি বহু মন্তব্য কৰিছে।এজনে লেখিছে, ‘সেইকাৰণে শৰীৰটোৰ সৈতে খেলা খেলিব নালাগে।’ আন এজনৰ মতে, ‘আগতে কিমান ধুনীয়া আছিল, এতিয়া এই অৱস্থা হোৱাটো এগৰাকী অভিনেত্ৰীৰ বাবে সচঁকৈয়ে বৰ দুখজনক।’ একাংশৰ মতে আকৌ বয়স হোৱাৰ বাবেহে হেনো তেওঁ এনে দেখা হৈছে।

উল্লেখ্য যে, ১৬ বছৰৰ আগতে আয়েশা টাকিয়াক ছলমান খানৰ সৈতে 'ৱাণ্টেড' ছবিখনত দেখা গৈছিল। এই ছবিখন আয়েশাৰ কেৰিয়াৰৰ আটাইতকৈ সফল ছবি হিচাপে বিবেচিত হৈছে।ইয়াৰ পাছতে তেওঁ বলীউড মাত্ৰ ২৩ বছৰ বয়সতে প্ৰেমিক ফাৰহান আজমীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ইছলাম গ্ৰহণ কৰে।২০০৯ চনত তেওঁ স্তন সংৰোপণৰ লগতে মুখত একাধিক অস্ত্ৰোপচাৰ কৰে আৰু ইয়াৰ পিছতে এইদৰে সলনি হৈ পৰে আয়েশা টাকিয়াৰ বলীউডী কেৰিয়াৰ।

ফুলিল মুখ, বাঢ়িল ওজন..চিনিব নোৱাৰা হৈ গ’ল ছলমানৰ নায়িকা
অগনন যুৱকৰ হৃদয় ভাঙি কইনাৰ সাজ পিন্ধিব ৰকুলপ্ৰীতে ! দৰা কোন জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in