পুত্ৰক সুঁৱৰি মাতৃ দিৱস পালন চৰণ কৌৰৰ

পুত্ৰক সুঁৱৰি মাতৃ দিৱস পালন চৰণ কৌৰৰ

author-image
Asomiya Pratidin
New Update
পুত্ৰক সুঁৱৰি মাতৃ দিৱস পালন চৰণ কৌৰৰ

ডিজিটেল ডেস্কঃ এতিয়াও পুত্ৰৰ ন্যায়ৰ বাবে যুঁজি আছে পাঞ্জাবী গায়ক তথা ৰেপাৰ সিধু মুছেৱালাৰ পৰিয়াল। ২০২২ চনৰ ২৯ মে’ত গুলীয়াই হত্যা কৰা হৈছিল সিধু মুছেৱালাক। আজি ১২ মে'ত মাতৃ দিৱস উপলক্ষে গায়ক জনৰ মাতৃ চৰণ কৌৰে পুনৰবাৰ পুত্ৰৰ ন্যায়ৰ বাবে ব্যতিক্ৰমী ধৰণে ন্যায় বিচাৰে।

Advertisment

ছ’চিয়েল মিডিয়াত পুত্ৰৰ মূৰ্তিৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ‘জষ্টিচ ফৰ সিধু’ৰ দাবী তোলে।দেওবাৰে চৰণ কৌৰে নিজ ইনষ্টাগ্ৰামত পুত্ৰ সিধু মুছেৱালাৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত চৰণ কৌৰে পুত্ৰ সিধুৰ বাবে কুৰ্তা প্ৰস্তুত কৰা দেখা গৈছে, য’ত লিখা আছে ‘সিধুৰ বাবে ন্যায়’। কাম শেষ কৰি মাতৃয়ে সিধুৰ মূৰ্তিটোত কুৰ্তাটো পিন্ধাই দিয়ে।

এই সময়খিনিত এটা উক্তি শুনিবলৈ পোৱা যায় য'ত উল্লেখ আছে, 'এই মানুহবোৰৰ কথা নাভাবিবা, তোমাতকৈ শক্তিশালী কোনো নাই। 'মা এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধা।' ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত চৰণে কেপচনত জাষ্টিছ ফৰ সিধু হেচটেগেৰে 'মিছ ইউ পুত্তাৰ’ বুলি উল্লেখ কৰে ।

Also Read: অসম হেণ্ডবল সন্থাঃ চেয়াৰমেন পদত ঋষি বৰুৱা, সভাপতি নিৰ্বাচিত লক্ষ্য কোঁৱৰ...

charaideo mothers day celebration sidhu moosewala's mother mothers days sidhu mother