অসম হেণ্ডবল সন্থাঃ চেয়াৰমেন পদত ঋষি বৰুৱা, সভাপতি নিৰ্বাচিত লক্ষ্য কোঁৱৰ...

অসম হেণ্ডবল সন্থাঃ চেয়াৰমেন পদত ঋষি বৰুৱা, সভাপতি নিৰ্বাচিত লক্ষ্য কোঁৱৰ...

ডিজিটেল ডেস্কঃ দেওবাৰে অসম হেণ্ডবল সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ২০২৪ চনৰ পৰা ২০২৮ চনলৈ ৪ বছৰীয়া কাৰ্যকালৰ বাবে এই সমিতিখন গঠন কৰা হৈছে।

সৰ্বসন্মতিক্ৰমে অসম হেণ্ডবল সন্থাৰ চেয়াৰমেনৰ দায়িত্ব সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাক প্ৰদান কৰা হয়। লগতে অসম হেণ্ডবল সন্থাৰ সভাপতি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু সাধাৰণ সম্পাদক পদত অমল নাৰায়ণ পাটোৱাৰী নিৰ্বাচিত হয়।

নতুনকৈ গঠন কৰা অসম হেণ্ডবল সন্থাৰ আন বিষয়ববীয়সকল হল- কাৰ্যকৰী সভাপতি বিপুল শইকীয়া, জ্যেষ্ঠ উপসভাপতি কুশল দত্ত, কোষাধ্যক্ষ পিকলু ৰয়, উপ সভাপতি ক্ৰমে - কে অজিত সিং, দুদুমণি বৰা, প্ৰবীণ কুমাৰ বৈশ্য, নাছৰিন ৰহমান, পুতুল সোণোৱাল, যুটীয়া সম্পাদকসকলক ক্ৰমে- খনিন বৰগোহাঁই, দেৱজিত বৰা, শান্তুনু হাজৰিকা, ৰূপম ফুকন।

সহকাৰী সম্পাদক সকল হৈছে- ৰমেন দাস, পৱিত্ৰ জ্যোতি বৰুৱা, অৰ্জুন মৰান, দ্বীপ দত্ত, ললিত মেচ। নতুনকৈ গঠিত অসম হেণ্ডবল সন্থাৰ ১০গৰাকী কাৰ্যকৰী সদস্য ক্ৰমে- জিত খান, মনোজ চেতিয়া, সূৰ্য থাপা, বিশ্বজিত ডেকা, মহিবুল ইছলাম, সুধান্য কুমাৰ সেনাপতি, শশাংক শইকীয়া, ব্ৰজেন গগৈ, চন্দ্ৰশেখৰ গগৈ আৰু মানস দাস।

ইফালে অসম হেণ্ডবল সন্থাৰ অধ্যক্ষৰূপে ঋষি বৰুৱাৰ লগতে ভাইচ চেয়াৰমেন হিচাপে ৰমেন দত্ত, তপন লহকৰ আৰু মুন স্বৰ্ণাকাৰক নিৰ্বাচিত কৰা হৈছে। উপদেষ্টা পদত নিৰ্বাচিত কৰা হৈছে প্ৰফুল্ল তালুকদাৰক।

অসম অলিম্পিক সন্থা আৰু অসম হেণ্ডবল সন্থা ইলেকশ্যন বাই ল' ৰুল-১১ৰ আধাৰত এই নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। ১২মে ২০২৪ত অনুষ্ঠিত এই নিৰ্বাচনত মুৰুলীধৰ চৌধুৰী নিৰ্বাচনী বিষয়া হিচাপে, ৰঞ্জিত বড়ো আৰু ইমৰান খান নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in