
ডিজিটেল ডেস্ক: কৰৱা চৌথৰ প্ৰাকমূহুৰ্তত হাতত হাত ধৰি ফুৰিবলৈ গ’ল বলীউডৰ তাৰকা দম্পতি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। শেহতীয়াকৈ তেওঁলোক দুয়োকে মুম্বাইৰ বিমানবন্দৰত দেখা গৈছে।অৱশ্যে তেওঁলোক ক'লৈ গৈছে সেয়া স্পষ্ট হোৱা নাই।
সিদ্ধাৰ্থ-কিয়াৰাৰ বিমানবন্দৰৰ এই ভিডিঅ'ত দুয়োকে টাৰ্মিনেল গেটত উপস্থিত হৈ অনুৰাগীসকলক হাঁহিৰে সম্ভাষণ জনোৱা দেখা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে তেওঁলোকৰ অনুৰাগীসকলে স্বাভাৱিকভাৱেই ছ’চিয়েল মেডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনুৰাগীসকলে তেওঁলোক দুয়োয়ে বিদেশত বিশেষভাৱে তেওঁলোকৰ প্ৰথম কৰৱা চৌথ পালন কৰিবলৈ গৈছে বুলি অনুমান কৰিছে।
ইফালে, এজন অনুৰাগীয়ে লেখিছে- ‘তেওঁলোকৰ যুটিটো সদায়েই আকৰ্ষণীয়।’ আন এজনে লেখিছে- ‘ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক।’ আন একাংশই আকৌ তেওঁলোক দুয়োকে ‘বলীউডৰ শ্ৰেষ্ঠ যুটি’ বুলি অভিহিত কৰিছে।
উ্ল্লেখ্য যে, চলিত বছৰৰ ৭ ফেব্ৰুৱাৰীত কিয়াৰা আৰু সিদ্ধাৰ্থে ৰাজস্থানৰ সূৰ্যগড় প্ৰাসাদত বিবাহপাশত আবদ্ধ হৈছিল।দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা কৰণ জহৰৰ শ্ব' ‘কফি উইথ কৰণ-৭’ত আওপকীয়াকৈ স্বীকাৰ কৰিছিল। ‘শ্বেৰছাহ’ ছবিখনৰ শ্বুটিঙৰ সময়ত দুয়োগৰাকী প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল।