একেলগে অভিনয়, তাৰ পাছত প্ৰেম আৰু এতিয়া বিয়া

একেলগে অভিনয়, তাৰ পাছত প্ৰেম আৰু এতিয়া বিয়া

ডিজিটেল ডেস্ক: নতুন নাম পাব বলীউডৰ অন্যতম চৰ্চিত যুটী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কই। হয়, এই সপ্তাহতে বিবাহপাশত আৱদ্ধ হ'ব সিদ্ধাৰ্থ আৰু কিয়াৰা।তথ্য মতে, জয়ছলমেৰত তেওঁলোক দুয়োৰে বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।

দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা এই যুটিটোৰ বিবাহৰ খবৰে এতিয়া স্বাভাৱিকভাৱেই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এটা কথা মন কৰিবলগীয়া যে, দুয়োৰে বিয়া ঠিক হ’ল যদিও আজিলৈ দুয়োজনেই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা নকৰিলে। দুয়োয়ে এই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা সদায়ে আঁতৰি থাকে। এই সপ্তাহৰ আৰম্ভণিতে কিয়াৰাক নামী-দামী ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ঘৰত দেখা গৈছিল, যাৰ বাবে অনুৰাগীসকলে তেওঁলোকৰ বিয়া বুলি অনুমান কৰছে। আনহাতে, সিদ্ধাৰ্থো এতিয়া দিল্লীত আছে।

খবৰ অনুসৰি, এই বিয়াখন ৪ আৰু ৫ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছলমেৰত সূৰ্যগড় হোটেলত অনুষ্ঠিত হ'ব। বিবাহৰ বাবে ৮৩ টা কোঠা, দুখন মুকলি বাগিচা ইতিমধ্যে বুক কৰা হৈছে।পৰিয়ালৰ ঘনিষ্ঠ লোক আৰু দুয়োৰে বন্ধুয়ে এই বিবাহ কাৰ্যসূচীত অংশ ল’ব।

উল্লেখ্য যে, কিয়াৰা আৰু সিদ্ধাৰ্থে ২০২০ চনত মুক্তিপ্ৰাপ্ত অন্যতম সফল ছবি ‘শ্বেৰশ্বাহ’ত একেলগে অভিনয় কৰিছিল। এই ছবিখনৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। আনহাতে, অতুলনীয় সৌন্দৰ্য তথা ব্যক্তিত্বৰ বাবে সকলোকে আকৰ্ষিত কৰা কিয়াৰাক শেহতীয়াকৈ ‘গোবিন্দা নাম মেৰা’ত দৰ্শকে দেখিবলৈ পাইছিল। অতি শীঘ্ৰেই কাৰ্তিক আৰ্যনৰ সৈতে ‘সত্যপ্ৰেম কি কথা’ত দৰ্শকে পুনৰ অভিনেত্ৰীগৰাকীক দেখিবলৈ পাব।আনহাতে সিদ্ধাৰ্থৰ শেহতীয়া ছবিখন আছিল নেটফ্লিক্সৰ মুক্তি পোৱা ‘মিছন মজনু’।ইফালে, মুক্তিৰ অপেক্ষাত থকা সিদ্ধাৰ্থৰ পৰৱৰ্তী ছবি হৈছে ‘যোধা’।

একেলগে অভিনয়, তাৰ পাছত প্ৰেম আৰু এতিয়া বিয়া
Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in