/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4150aa01-52ab-482b-800d-f556d9d8975d/2__10_.jpg)
ডিজিটেল ডেস্ক: মনোৰঞ্জন জগতৰ এক সুপৰিচিত নাম শ্বেতা তিৱাৰী। অতুলনীয় সৌন্দৰ্য তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে অভিনেত্ৰী শ্বেতা তিৱাৰী। এইবাৰ অৱশ্যে ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰীৰ নাম।
হয়, দুই সন্তানৰ মাতৃ হৈও আকৌ প্ৰেমত পৰিল শ্বেতা। তেওঁ টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেতা ফাহমান খানৰ প্ৰেমত এতিয়া মছগুল হৈ পৰিছে।খুবেই জনপ্ৰিয় ধাৰাবাহিক 'ইমলী'খ্যাত অভিনেতা ফাহমান খান শ্বেতাতকৈ ১০ বছৰে সৰু।প্ৰকৃততে, এই খবৰটো ফাহমানৰ এক সাক্ষাৎকাৰৰ পাছত চৰ্চালৈ আহিছে। এক প্ৰশ্নৰ উত্তৰত ফাহমানে কৈছিল যে তেওঁৰ সৈতে শ্বেতাৰ নাম সাঙুৰ খোৱাটোয়ে একেবাৰে আচৰিত।দুয়ো ঘনিষ্ঠ যদিও তেওঁলোকৰ মাজত একো এনে সম্পৰ্ক নাই বুলিও স্পষ্ট কৰে অভিনেতাজনে।
উল্লেখ্য যে, ১৯৯৮ চনত শ্বেতা তিৱাৰীয়ে ভোজপুৰী অভিনেতা ৰাজা চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও ২০০৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ৰাজা-শ্বেতাৰ এগৰাকী কন্যা আছে, তেওঁৰ নাম পলক তিৱাৰী।ইয়াৰ পিছত তেওঁ অভিনৱ কোহলীৰ সৈতে বিয়া হয়। তেওঁলোকৰো এটি পুত্ৰ সন্তান আছে, এই সন্তানটোৰ নাম ৰিয়াঞ্চ।
Also Read: মুখ খুলিলে অনন্যা পাণ্ডেৰ ঘনিষ্ঠ বান্ধৱীয়ে