মুখ খুলিলে অনন্যা পাণ্ডেৰ ঘনিষ্ঠ বান্ধৱীয়ে

প্ৰেম, বিবাহ তথা বিচ্ছেদৰ দৰে খবৰৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউড।শেহতীয়াকৈ এনে এক খবৰেই গৰম কৰি ৰাখিছে মায়া নগৰীৰ বতাহ।হয়, দীৰ্ঘিদনীয়া সম্পৰ্কত কেণা লাগিল অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰৰ।

author-image
Asomiya Pratidin
New Update
মুখ খুলিলে অনন্যা পাণ্ডেৰ ঘনিষ্ঠ বান্ধৱীয়ে

ডিজিটেল ডেস্ক: প্ৰেম, বিবাহ তথা বিচ্ছেদৰ দৰে খবৰৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউড।শেহতীয়াকৈ এনে এক খবৰেই গৰম কৰি ৰাখিছে মায়া নগৰীৰ বতাহ।হয়, দীৰ্ঘিদনীয়া সম্পৰ্কত কেণা লাগিল অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে তোলপাৰ লাগিছে ছ'চিয়েল মেডিয়া।

Advertisment

প্ৰকৃততে, এই খবৰ অনন্যাৰ এগৰাকী ভাল বান্ধবীয়ে ৰাজহুৱা কৰিছে।বান্ধৱীগৰাকীয়ে স্পষ্ট কৰা মতে, অনন্যা আৰু আদিত্যৰ প্ৰেম বিচ্ছেদ এমাহৰ আগতেই হৈছে। তেওঁলোক দুয়ো এতিয়া কেৱল বন্ধু। তেওঁলোকে তেওঁলোকৰ নতুন বন্ধুসকলৰ সৈতে এতিয়া সময় অতিবাহিত কৰাত ব্যস্ত হৈ পৰিছে।

উল্লেখ্য যে, আদিত্য আৰু অনন্যা দুই বছৰৰ পৰা সম্পৰ্কত আছিল।বিগত মাহত অনন্যাই ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰা এটা প'ষ্টে তেওঁলোকৰ 'ব্ৰেকআপ'ৰ ইংগিত দিছিল যদিও অনুৰাগীসকল নিশ্চিত হ'ব পৰা নাছিল।অনন্যাই পষ্ট'টোত লেখিছিল, 'যদি আপোনাৰ জীৱনৰ বাবে কোনো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ হয়, তেওঁ আপোনাৰ ওচৰলৈ ঘূৰি আহিব। এইখিনি নিজকে শিক্ষা দিয়াৰ সময়।যদি কোনো সঁচাকৈয়ে আপোন হয়, আপুনি যিমান দূৰলৈ পঠিয়ালেও তেওঁ আকৌ আপোনাৰ ওচৰলৈকে আহিব। অৱশ্যে, সকলো ধুনীয়া বস্তু আপোনাৰ নহ'বও পাৰে।’ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত অৱশ্যে বৰ্তমানেও আদিত্য আৰু অনন্যাই কোনো স্পষ্টতা প্ৰকাশ কৰা নাই।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত