অমিতাভ বচ্চনৰ ইমান টকা থকাৰ পাছতো অভিষেকৰ পৰা ধাৰ লৈ চলিছিল শ্বেতা বচ্চনে

মেগাষ্টাৰ অমিতাভ বচ্চনৰ দুয়োটা সন্তানেই অভিনয় জগতত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত ব্যৰ্থ হ’ল। হয়, পুত্ৰ অভিষেক বচ্চনৰ হিটতকৈ ফ্লপ ফিল্মৰ সংখ্যাহে অধিক। ইফালে, কন্যা শ্বেতা বচ্চনে অভিনয় জগতৰ পৰাই নিজক আঁতৰাই ৰাখিলে।

author-image
Asomiya Pratidin
New Update
অমিতাভ বচ্চনৰ ইমান টকা থকাৰ পাছতো অভিষেকৰ পৰা ধাৰ লৈ চলিছিল শ্বেতা বচ্চনে

ডিজিটেল ডেস্ক: মেগাষ্টাৰ অমিতাভ বচ্চনৰ দুয়োটা সন্তানেই অভিনয় জগতত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত ব্যৰ্থ হ’ল। হয়, পুত্ৰ অভিষেক বচ্চনৰ হিটতকৈ ফ্লপ ফিল্মৰ সংখ্যাহে অধিক। ইফালে, কন্যা শ্বেতা বচ্চনে অভিনয় জগতৰ পৰাই নিজক আঁতৰাই ৰাখিলে।তেওঁ মডেলিং কৰিছিল যদিও ফেশ্বন উদ্যোগত নিজকে বৰ্তাই ৰখাত সফল নহ’ল।শ্বেতা বৰ্তমান ফেশ্বন ব্ৰেণ্ড ‘এমএক্সএছ ৱৰ্ল্ড’ৰ গৰাকী।কিন্তু এনে এটা সময় আছিল, যেতিয়া শ্বেতাই ভাতৃ অভিষেক বচ্চনৰ পৰা টকা ধাৰ লৈ জীৱন নিৰ্বাহ কৰিছিল।

Advertisment

সম্প্ৰতি শ্বেতাৰ কন্যা নব্যা নভেলী নন্দাৰ পডকাষ্ট 'হোৱাট দ্য হেল নব্যা' যথেষ্ট চৰ্চাত আছে। এই অনুষ্ঠানত নব্যাৰ মাতৃ শ্বেতা বচ্চন নন্দা আৰু আইতাক জয়া বচ্চনে পৰিয়ালৰ সৈতে সম্পৰ্কিত বহুতো কাহিনী ৰাজহুৱা কৰিছে।ইয়াত শ্বেতাই আগতে কেতিয়াও কোনেও নজনা কেতবোৰ কথা প্ৰকাশ কৰিছে। হয়,  শ্বেতাই এই অনুষ্ঠানত কৈছে যে অভিষেকে তেওঁক বহু বেয়া সময়ত সহায় তথা সমৰ্থন কৰিছিল।

শ্বেতায়ে কয়, ‘মই অভিষেকৰ পৰা কেৱল মহাবিদ্যালয়তে নহয়, বিদ্যালয়ত পঢ়ি থকা সময়তো খাদ্য ক্ৰয় কৰিবলৈ টকা ধাৰ লৈছিলো। মই যেতিয়া ব’ৰ্ডিং স্কুলত আছিলো, তাত খাদ্য আৰু বহুতো বস্তু ক্ৰয়ৰ বাবে বহু টকা খৰচ কৰিছিলো।কিদৰে টকা খৰচ কৰিব লাগে, তাৰ বিষয়ে  মোক কোনোদিন মায়ে শিকোৱা নাছিল। যাৰ বাবে মই যথেষ্ট টকা খৰচী হৈ পৰিছিলো।ঘৰৰ পৰা দিয়া টকা সোনকোলে শেষ হোৱাৰ ফলত মই সদায়েই অভিষেকৰ পৰা টকা ধাৰে লৈ চলিছিলো।’

শ্বেতাই বিয়াৰ পিছৰ মুহূৰ্তবোৰৰ কথা মনত পেলায় কয় যে, তেওঁ দিল্লীলৈ যেতিয়া আহিছিল, তেতিয়া মাহে তিনি হাজাৰ টকাৰ দৰমহাত কিণ্ডাৰগাৰ্টেনত কাম কৰিছিল।তেওঁ লগতে কয়, ‘মই মোৰ প্ৰথম দৰমহা ৩,০০০ টকা পাইছিলো, যিটো মই বেংকত ৰাখিছিলো।এতিয়া মই মোৰ কন্যা নব্যা নভেলী নন্দাক টকা কিদৰে খৰচ তথা জমা কৰিব লাগে, সেয়া সকলো শিকাইছো। আমাৰ ঘৰৰ সকলো খৰচ-পাতিৰ হিচাপ তথা বিত্তীয় পৰিচালনা নব্যায়েই কৰে। তেওঁ মাইক্ৰছফ্টত এটা এক্সেল শ্বীট বনাই লৈছে, য’ত তেওঁ খৰচ-পাতিৰ হিচাপ ৰাখে।’

Also Read: অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য