‘ৱেলকাম ৩’ ত অনিল-নানাৰ ঠাই ল’লে শ্ৰেয়াছ-তুষাৰে

‘ৱেলকাম’ ছিৰিজৰ সফলতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।এই ছিৰিজৰ ‘ৱেলকাম ৩’ও দৰ্শকে অতি সোনকালে উপভোগ কৰিব পাৰিব।সম্প্ৰতি দৃশ্যগ্ৰহণ চলি থকা এই ছবিখনত দুটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে শ্ৰেয়াছ তালপাড়ে আৰু তুষাৰ কাপুৰে।

author-image
Asomiya Pratidin
New Update
‘ৱেলকাম ৩’ ত অনিল-নানাৰ ঠাই ল’লে শ্ৰেয়াছ-তুষাৰে

ডিজিটেল ডেস্ক: ‘ৱেলকাম’ ছিৰিজৰ সফলতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।এই ছিৰিজৰ ‘ৱেলকাম ৩’ও দৰ্শকে অতি সোনকালে উপভোগ কৰিব পাৰিব।সম্প্ৰতি দৃশ্যগ্ৰহণ চলি থকা এই ‘ৱেলকাম ৩’ৰ নতুন নতুন খবৰে প্ৰতিদিনেই দৰ্শকৰ উৎসুকতা দুগুনে বৃদ্ধি কৰি ৰাখিছে। শেহতীয়া খবৰ অনুসৰি, এই ছবিখনত দুটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে শ্ৰেয়াছ তালপাড়ে আৰু তুষাৰ কাপুৰে।

Advertisment

হয়, ‘ৱেলকাম’ ছিৰিজৰ তৃতীয়খন ছবি ‘ৱেলকাম টু দ্য জাংগল’ত অভিনয় কৰা তাৰকাৰ নাম দীঘলীয়া।মুক্তিৰ পূৰ্বেই সামাহীন চৰ্চা লাভ কৰা এই ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ, সঞ্জয় দত্ত, পৰেশ ৰাৱাল, আৰ্শ্বদ ৱাৰ্চী, সুনীল চেট্টী, ৰবীনা টেণ্ডন, দিশা পাটনি আৰু জেকলিন ফাৰ্ণাণ্ডেজে। ‘ৱেলকাম টু দ্য জাংগল’ৰ প্ৰযোজনা ফিৰোজ নাদিয়াদৱালাৰ আৰু পৰিচালনা আহমেদ খানৰ।

আনহাতে, সকলো দৰ্শকৰে প্ৰিয় ‘অন-স্ক্ৰীণ’ চৰিত্ৰ উদয় চেট্টী আৰু মজনু ভাই অৰ্থাৎ অনিল কাপুৰ আৰু নানা পাটেকাৰ এই ছবিখনৰ পৰা বাদ পৰিছে।ছবিখনত তেওঁলোকৰ ঠাই লৈছে শ্ৰেয়াছ তালপাড়ে আৰু তুষাৰ কাপুৰে।উল্লেখ্য যে, ২০০৭ চনত ছবিগৃহলৈ আহিছিল এই ছিৰিজৰ প্ৰথমখন ছবি ‘ৱেলকাম’ আৰু ২০১৫ চনত মু্ক্তি পাইছিল দ্বিতীয়খন ছবি ‘ৱেলকাম বেক’।এই দুয়োখন ছুপাৰহিট ছবিয়েই দৰ্শকৰ মনত বিশেষ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

Also Read: ‘ৰত্নাকৰ’ৰ দৰেই ‘ৰাঘৱ’কো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী পৰিচালক-প্ৰযোজক