‘ৰত্নাকৰ’ৰ দৰেই ‘ৰাঘৱ’কো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী পৰিচালক-প্ৰযোজক

অসমীয়া ছবিৰ সুদিন আকৌ ঘূৰি আহিছে। ইখনৰ পিছত সিখনকৈ মুক্তি পাই থকা অসমীয়া ছবিৰ অভূতপূৰ্ব সফলতাই নিশ্চিতভাৱে ইয়াকেই প্ৰমাণ কৰে।অসমীয়া ছবিৰ ইতিহাসত ‘শ্ৰী ৰঘুপতি’য়ে অৰ্জন কৰা অভিলেখৰ পাছত শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে আন এখন অসমীয়া ছবি। ছবিখনৰ নাম ‘ৰাঘৱ’। ‘ৰাঘৱ’ৰ পৰিচালনা জনপ্ৰিয় অভিনেতা যতীন বৰাৰ।

author-image
Asomiya Pratidin
New Update
‘ৰত্নাকৰ’ৰ দৰেই ‘ৰাঘৱ’কো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী পৰিচালক-প্ৰযোজক

ডিজিটেল ডেস্ক: অসমীয়া ছবিৰ সুদিন আকৌ ঘূৰি আহিছে। ইখনৰ পিছত সিখনকৈ মুক্তি পাই থকা অসমীয়া ছবিৰ অভূতপূৰ্ব সফলতাই নিশ্চিতভাৱে ইয়াকেই প্ৰমাণ কৰে।অসমীয়া ছবিৰ ইতিহাসত ‘শ্ৰী ৰঘুপতি’য়ে অৰ্জন কৰা অভিলেখৰ পাছত শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে আন এখন অসমীয়া ছবি। ছবিখনৰ নাম ‘ৰাঘৱ’। ‘ৰাঘৱ’ৰ পৰিচালনা জনপ্ৰিয় অভিনেতা যতীন বৰাৰ।

Advertisment

‘জে বি প্ৰডাকছনছ’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে যতীন বৰা আৰু নৱনীতা শৰ্মা বৰা।ইতিমধ্যে ডাবিং সম্পূৰ্ণ হোৱা ছবিখনত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা আৰু নিশিতা গোস্বামীয়ে।আন এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে বলিষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই।এইসকলৰ লগতে ছবিখনত ভিন্ন চৰিত্ৰত অভিনয় কৰিছে জীৱিতেশ মজুমদাৰ, হিৰণ্য দাস, চুমী বৰাৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ‘ৰাঘৱ’ৰ চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্যৰ।জুবিন গাৰ্গে সংগীত পৰিচালনাৰ কৰা গীতসমূহত কণ্ঠদান কৰিছে শান্তা উজীৰ, মহালক্ষ্মী নায়ৰ, জুবলী বৰুৱা, প্ৰবীন বৰাকে ধৰি বহুকেইজন শিল্পীয়ে।ইতিমধ্যে মুক্তি লাভ কৰা ‘ৰাঘৱ’ৰ ‘মা’ শীৰ্ষক গীতটোয়ে শ্ৰোতা-দৰ্শকৰ সঁহাৰি লাভ কৰিছে। ছবিখনৰ সম্পাদনা প্ৰতীম খাউণ্ড (ৰাজা)ৰ।চিনেমেট’গ্ৰাফী (ডিঅ’পি) প্ৰদীপ দৈমাৰীৰ, শব্দ (ছাউণ্ড) দেৱজিত চাংমা আৰু অমৃত প্ৰীতমৰ।ছবিখনৰ নেপথ্য সংগীত(বেকগ্ৰাউণ্ড মিউজিক)ৰ কাম কৰিছে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা অসমৰ অজয় সিংহাই।কাশ্মীৰ, লাডাখ, হাইদৰাবাদৰ ৰাম’জী ফ্লিল্ম চিটি, মেঘালয়ৰ চেৰাপুঞ্জীকে ধৰি অসমৰ বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে।মুক্তিৰ পূৰ্বেই বহুচৰ্চিত ‘ৰাঘৱ’ সন্দৰ্ভত অভিনেতা, পৰিচালক তথা প্ৰযোজন যতীন বৰাই কয়, ‘পৰিয়ালৰ সকলোয়ে একেলগে উপভোগ কৰিব পৰা এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী ছবি ‘ৰাঘৱ’।আচলতে থিয়েটাৰত মই ৰূপায়ন কৰা বিভিন্ন চৰিত্ৰৰ সংমিশ্ৰণৰে ‘ৰাঘৱ’ চৰিত্ৰটোৰ জন্ম হৈছে।বৰ্তমান ‘ৰাঘৱ’ৰ ‘প’ষ্ট প্ৰডাকছন’ৰ কাম চলি আছে। এই ছবিখনত দৰ্শকে মুনীন বৰুৱাৰ ছবিসমূহৰ ‘ফ্লেভাৰ’ লাভ কৰিব।মই ৰত্নাকৰত যি কাম কৰিব নোৱাৰিলো, সেয়া ‘ৰাঘৱ’ত কৰিবলৈ চেষ্টা কৰিছো।ছবিখনত দৰ্শকে কেতিয়াও নেদেখা এটা চৰিত্ৰত দেখিবলৈ পাব মৃদুলা বৰুৱাক।সুখ-দুখ, হাঁহি-কান্দোন সকলো আছে ‘ৰাঘৱ’ত।’ উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰত ‘ৰাঘৱ’ ছবিগৃহলৈ আহিব।

Also Read: আগতীয়া বুকিঙত অভিলেখ গঢ়াৰ দিশে ‘গডাৰ-২’