সুবিধা পালেই গহনা কিনে শিল্পাৰ লগতে মাতৃ সুনন্দা, ভগ্নী শমিতাই

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাই শেহতীয়াকৈ তেওঁৰ পৰিয়াল সন্দৰ্ভত এক গোপন কথা ৰাজহুৱা কৰিছে। হয়, এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁৰ পৰিয়ালটোক অলংকাৰে খুবেই বেছিকৈ আকৰ্ষিত কৰে।তেওঁৰ লগতে মাতৃ সুনন্দা আৰু ভগ্নী শমিতাই সুবিধা পালেই প্ৰথমে গহনা ক্ৰয় কৰে।

author-image
Asomiya Pratidin
New Update
সুবিধা পালেই গহনা কিনে শিল্পাৰ লগতে মাতৃ সুনন্দা, ভগ্নী শমিতাই

ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰাই শেহতীয়াকৈ তেওঁৰ পৰিয়াল সন্দৰ্ভত এক গোপন কথা ৰাজহুৱা কৰিছে। হয়, এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁৰ পৰিয়ালটোক অলংকাৰে খুবেই বেছিকৈ আকৰ্ষিত কৰে।তেওঁৰ লগতে মাতৃ সুনন্দা আৰু ভগ্নী শমিতাই সুবিধা পালেই প্ৰথমে গহনা ক্ৰয় কৰে।

Advertisment

শিল্পাই লগতে কয়, ‘মই কাণফুলি, নেকলেছ, খাৰু খুব বেছিকৈ পিন্ধো।সেয়েহে মোৰ সকলো ডিজাইনাৰ বন্ধুৱে মোক এইসমূহ অত্যাধিক নিপিন্ধিবলৈ অনুৰোধ কৰে। তেওঁলোকে মোক ‘গহনাৰ দোকান’ বুলিও মাতে। কিন্তু ব্যক্তিগতভাৱে মই ভাৱো যে গহনাই এগৰাকী মহিলাৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে।’ 

অৱশ্যে, এই অনুষ্ঠানতে নিজৰ ফেশ্বনক সমালোচনাও কৰে অভিনেত্ৰীগৰাকীয়ে।তেওঁ কয়, ‘৯০ দশকত মোৰ ফেশ্বনৰ বাবে মই নিজকে ১০ৰ ভিতৰত শূন্য নম্বৰ দিম।সেই সময়ত তাকে অনুৰাগীয়ে গ্ৰহণ কৰিছিল যদিও এতিয়া সেই কথা ভাবিলে মোৰ হাঁহি উঠে। এটা কথা ঠিক যে আত্মবিশ্বাসৰ সৈতে পিন্ধিলে যিকোনো সাজৰেই আপোনাক ধুনীয়া দেখায়।’

Also Read: স্বামীৰ কৰ্ম-কাণ্ডত দিশহাৰা হৈ পৰিছিল শিল্পা ছেট্টী