/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/878b4a84-749a-4062-8495-9bbc553b7bf0/AP_FOR_WEB_shahid_kapoor.jpg)
ডিজিটেল ডেস্ক: খুব কম সময়তে দৰ্শকৰ মনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা বলীউডী তাৰকা সকলৰ ভিতৰত অন্যতম হৈছে অভিনেতা শ্বাহিদ কাপুৰে।শ্বাহিদৰ অদমনীয় অভিনয় দক্ষতা আৰু আকৰ্ষণীয় ব্যক্তিত্বই হয়তো ইয়াৰ অন্যতম কাৰণ।বলীউডৰ এই ব্যতিক্ৰমী অভিনেতাজনক বিগ স্ক্ৰীণত পুনৰ দৰ্শকে দেখিবলৈ পাব এক নতুন ৰূপত।
হয়, শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত এই নতুন ছবিখনৰ নিজৰ চৰিত্ৰটোৰ এখন প’ষ্ট কৰিছে শ্বাহিদ কাপুৰে। ছবিখনৰ নাম ‘দেৱা’। ছবিখন আগন্তুক বৰ্ষৰ বিজয়া দশমী অৰ্থাৎ ১১ অক্টোবৰত মুক্তি লাভ কৰিব বুলিও শ্বাহিদে অনুৰাগীক জানিবলৈ দিছে।
শ্বাহিদৰ পোছাকে ইংগিত দিয়া মতে, ‘দেৱা’ত তেওঁ এজন আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে। মালায়ালম ছবি নিৰ্মাতা ৰছন আন্দ্ৰেৱছে এই ছবিখন পৰিচালনা কৰিছে। ‘দেৱা’ত শ্বাহিদৰ বিপৰীতে অভিনয় কৰিছে পূজা হেগড়েয়ে।
উল্লেখ্য যে, শ্বাহিদক শেষবাৰৰ বাবে ‘ব্লাডি ডেডী’ নামৰ এখন একচন থ্ৰীলাৰত দৰ্শকে দেখিবলৈ পাইছিল। আলি আব্বাছ জাফৰৰ দ্বাৰা পৰিচালিত এই ছবিখন অ'টিটি প্লেটফৰ্ম জিঅ' চিনেমাত প্ৰচাৰিত হৈছিল। এই বছৰ তেওঁক তেওঁৰ প্ৰথম ৱেব ছিৰিজ ‘ফাৰ্জি’তো দেখা গৈছিল।ইফালে, বৰ্তমানলৈ নাম ঠিক নোহোৱা এখন নতুন ছবিতো কৃতি ছেননৰ বিপৰীতে দেখিবলৈ পোৱা যাব শ্বাহিদ কাপুৰক। এই ছবিখনে আগন্তুক বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us