ভাইৰেল হ’ল মুনাৱৰৰ দ্বিতীয় বিবাহৰ ফটো

অগনন অনুৰাগীক সুখবৰ নিদিয়াকৈয়ে গোপনে বিবাহপাশত আবদ্ধ হ’ল যুৱতীসকলৰ 'সপোন কোৱৰ' মুনাৱৰ ফাৰুকী।হয়, 'বিগ বছ ১৭'ৰ বিজয়ী তথা অতি জনপ্ৰিয় ষ্টেণ্ডআপ কৌতুক অভিনেতা মুনাৱৰৰ বিয়াৰ ফটো ভাইৰেল হোৱাৰ পাছতহে অনুৰাগীসকলে তেওঁৰ বিয়াৰ কথা গম পাইছে।

author-image
Asomiya Pratidin
New Update
 ভাইৰেল হ’ল মুনাৱৰৰ দ্বিতীয় বিবাহৰ ফটো

ডিজিটেল ডেস্ক: অনুৰাগীক সুখবৰ নিদিয়াকৈয়ে গোপনে বিবাহপাশত আবদ্ধ হ’ল অগনন যুৱতীৰ 'সপোন কোৱৰ' মুনাৱৰ ফাৰুকী।হয়, 'বিগ বছ ১৭'ৰ বিজয়ী তথা অতি জনপ্ৰিয় ষ্টেণ্ডআপ কৌতুক অভিনেতা মুনাৱৰৰ বিয়াৰ ফটো ভাইৰেল হোৱাৰ পাছতহে অনুৰাগীসকলে তেওঁৰ বিয়াৰ কথা গম পাইছে। ভাইৰেল ফটোত দেখা পোৱা মতে, 'চেলিব্ৰেটী মেকআপ আৰ্টিছ' মাহজাবীন কোটৱালাৰ সৈতে দ্বিতীয় বিবাহ সম্পন্ন কৰে মুনাৱৰে ফাৰুকীয়ে।

Advertisment

মুনাৱৰ ফাৰুকী আৰু মাহজাবীন কোটৱালাৰ দুখন ফটো ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।ইয়াত নতুনকৈ বিবাহিত দম্পতিহালক কেক কাটি থকা দেখা গৈছে। মাহজাবীনে পৰিধান কৰা লেভেণ্ডাৰ ৰঙৰ চুৰিদাৰ, নেকলেস আৰু সাধাৰণ মেকআপে তেওঁৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে।

উল্লেখ্য যে, টেলিভিছনৰ অন্যতম জনপ্ৰিয় তথা সফল অভিনেত্ৰী হীনা খানৰ জৰিয়তে মুনাৱৰ আৰু মাহজাবীনৰ চিনাকি হৈছিল। প্ৰায় দুমাহ আগতে এক অনুষ্ঠানলৈ হীনাই মাহজাবীনক মুনাৱৰৰ মেকআপ কৰিবলৈ পঠিয়াইছিল। এইটোয়েই আছিল তেওঁলোকৰ প্ৰথম সাক্ষাৎ। হীনা খান হেনো মুনাৱৰ আৰু মেহজাবীনৰ বিবাহতো উপস্থিত আছিল।এই বিষয়ে সকলো জ্ঞাত যে, হীনা আৰু মুনাৱৰ বহুত ভাল বন্ধু। কেইদিনমান আগতে তেওঁলোকৰ এটা সংগীত ভিডিঅ' 'হলকি-হলকি চি' মুক্তি পাইছিল, যিটোয়ে খুব কম সময়তে সীমাহীন জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

Also Read: সুশান্তৰ ধুনীয়া ঘৰটোত আছে ইতিবাচক শক্তি