ফাৰাহ খানে ফাদিল কৰিলে ‘বাদশ্বাহ’ৰ গোপন ৰহস্য

ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয় দক্ষতাৰ বাবে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান।যিকোনো ক্ষেত্ৰত নিজকে নিখুঁত হিচাপে প্ৰতিপন্ন কৰিবলৈ আটাইতকৈ বেছি পৰিশ্ৰম কৰা অভিনেতা হিচাপেও আন এক পৰিচয় আছে শ্বাহৰুখ খানৰ। ইয়াৰ উদাহৰণো অনেক আছে।

author-image
Asomiya Pratidin
New Update
ফাৰাহ খানে ফাদিল কৰিলে ‘বাদশ্বাহ’ৰ গোপন ৰহস্য

ডিজিটেল ডেস্ক: ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয় দক্ষতাৰ বাবে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান।যিকোনো ক্ষেত্ৰত নিজকে নিখুঁত হিচাপে প্ৰতিপন্ন কৰিবলৈ আটাইতকৈ বেছি পৰিশ্ৰম কৰা অভিনেতা হিচাপেও আন এক পৰিচয় আছে শ্বাহৰুখ খানৰ। ইয়াৰ উদাহৰণো অনেক আছে।

Advertisment

হয়, শ্বাহৰুখ খানৰ বিষয়ে বলীউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ফাৰাহ আখতাৰে শেহতীয়া এক অনুষ্ঠানত বহু কথাই ৰাজহুৱা কৰে।ফাৰাহ খান শ্বাহৰুখৰ খুব ভাল বান্ধৱী।অনুষ্ঠানটোত ফাৰাহ খানে কয়, ‘শ্বাহৰুখক এতিয়াও সকলোৱে ভাল পোৱাৰ এটা মুখ্য কাৰণ হৈছে সকলো কামতে তেওঁ কৰা যথেষ্ট পৰিশ্ৰম কৰে। ‘ওম শান্তি ওম’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত নিজকে ‘পাৰ্ফেক্ট’ কৰি তুলিবলৈ তেওঁ দুদিন ধৰি এক টোপাল পানীও খোৱা নাছিল।ইয়াতেই শ্বাহৰুখৰ কৰ্মৰ প্ৰতি তথা নিষ্ঠা খুব ভালকৈ প্ৰতিফলিত হয়।মই শ্বাহৰুখৰ ‘মে হু না’, ‘ওম শান্তি ওম’ তথা ‘হেপ্পী নিউ ইয়েৰ’ আৰু বহু কেইটা গীতৰ কৰিঅ’গ্ৰাফ কৰিছো।মই ভাৱো শ্বাহৰুখৰ সৈতে কাম কৰা প্ৰতিজন শিল্পীয়েই তেওঁৰ কৰ্মৰ প্ৰতি থকা শ্ৰদ্ধা দেখি হতভম্ব হয়।ইমান ডাঙৰ ছুপাৰষ্টাৰ হৈয়ো তেওঁৰ ব্যৱহাৰ দেখিলে প্ৰতিজন ব্যক্তিয়েই তেওঁৰ প্ৰতি আকৰ্ষিত হোৱাটো নিশ্চিত।’

ফাৰাহে লগতে কয়, ‘শ্বাহৰুখৰ সন্তান কেইটাইও শ্বাহৰুখৰ সকলো গুণ লাভ কৰিছে।যেতিয়া মই শ্বাহৰুখৰ ঘৰলৈ যাওঁ, তেওঁৰ পুত্ৰ আৰ্যনে বাহিৰলৈ ওলাই আহি গাড়ীত উঠালৈকে ধন্যবাদ জ্ঞাপন কৰে।শ্বাহৰুখৰ কন্যা ছুহানা আৰু আৰ্যন, দুয়োৰে ব্যৱহাৰ দেখিলেও আপুনি আচৰিত হ’ব।তেওঁলোক একেবাৰেই অহংকাৰী নহয়। তেওঁলোক নম্ৰ।অৱশ্যে তেওঁৰ সৰু পুত্ৰ আবৰাম কিছু পৰিমাণে দুষ্ট।’

Also Read: মাতৃৰ শাৰী পিন্ধি উজলি উঠিল শ্বাহৰুখ তনয়া ছুহানা