কাৰ্তিক আৰ্যনৰে বিচ্ছেদ সন্দৰ্ভত মুখ খুলিলে ছাৰা আলী খানে

কাৰ্তিক আৰ্যনৰে বিচ্ছেদ সন্দৰ্ভত মুখ খুলিলে ছাৰা আলী খানে

ডিজিটেল ডেস্ক: দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক অন্ত হোৱাৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে বলীউডৰ অন্যতম চৰ্চিত অভিনেত্ৰী ছাৰা আলী খানে।হয়, কাৰ্তিক আৰ্য়নৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পাছত এক প্ৰকাৰ এনে বিষয়সমূহৰ পৰা আঁতৰি আছিল ছাৰা আলী খান।কিন্তু শেহতীয়াকৈ ছাৰাই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰিছে।

প্ৰকৃততে, কৰণ জোহৰৰ বহু চৰ্চিত শ্ব' 'কফি উইথ কৰণ'ত এই বিষয়ে মুকলিকৈ ক'লে অভিনেত্ৰীগৰাকীয়ে।'কফি উইথ কৰণ ৮'ৰ তৃতীয় খণ্ডটোত অতিথি হিচাপে উপস্থিত আছিল ছাৰা আলী খান আৰু অনন্যা পাণ্ডে।এই অনুষ্ঠানতে ছাৰা আৰু অনন্যাই তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বহু কথাই ৰাজহুৱা কৰিছে।অনুষ্ঠানত ছাৰাক প্ৰাক্তন প্ৰেমিকৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক ৰাখিব পাৰি নে বুলি সোধা এক আওপকীয়া প্ৰশ্নৰ উত্তৰত ছাৰাই আওপকীয়াকৈয়ে উত্তৰ দিয়ে।তেওঁ কয়, 'প্ৰকৃততে এয়া একেবাৰেই সহজ নহয়। যেতিয়া আপুনি কাৰোবাৰ সৈতে জড়িত হয়, সেয়া বন্ধুয়েই হওঁক, পেছাদাৰীভাৱেই হওঁক, ৰোমান্টিকভাৱেই হওঁক অথবা আন বেলেগ সৰ্ম্পকই হওঁক, সেই সম্পৰ্ক কোনো কাৰণ নোহোৱাকৈ শেষ হ'লে দূখ লগাটো তেনেই স্বাভাৱিক।বিশেষকৈ প্ৰেমৰ সম্পৰ্ক এটাৰ অন্ত পৰাৰ পাছৰ সময়খিনি খুবেই যাতনাদায়ক।কিন্তু জীৱনটোত  আপুনি আগবাঢ়ি যাবই লাগিব।এজন ব্যক্তিৰ সৈতে এটা বিশেষ সম্পৰ্ক ৰক্ষা কৰাৰ পাছত আন এটা সম্পৰ্ক গঢ়ি তোলাটো সহজ নহয়।'

ছাৰাৰ এই মন্তব্যত খুব ভালকৈ স্পষ্ট হয় যে কাৰ্তিক আৰ্য়নৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছত তেওঁ একপ্ৰকাৰ ভাঙি পৰিছিল।আনহাতে, ছাৰাৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত অভিনেতাজনে অনন্যা পাণ্ডেৰ লগতো প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। অৱশ্যে অনন্যা বৰ্তমান আদিত্য ৰয় কাপুৰৰ প্ৰেমিকা।

কাৰ্তিক আৰ্যনৰে বিচ্ছেদ সন্দৰ্ভত মুখ খুলিলে ছাৰা আলী খানে
ঘৰুৱা হিংসা : পত্নীক ১ কোটি পৰিশোধ কৰিব লাগিব হানীয়ে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in