স্থবিৰ জীৱনলৈ গতি আনিলে 'বিগ বছ'য়ে

‘বিগ বছ অ'টিটি ৩’ ট্ৰফী নিজৰ নাম কৰাৰে পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মডেল-অভিনেত্ৰী ছানা মকবুল। ‘বিগ বছ’ত অগনন অনুৰাগীৰ পছন্দৰ হৈ পৰা ছানাৰ ব্যক্তিগত জীৱনৰ বহু কথাও এতিয়া চৰ্চাৰ শীৰ্ষত আছে।

author-image
Asomiya Pratidin
New Update
স্থবিৰ জীৱনলৈ গতি আনিলে 'বিগ বছ'য়ে

ডিজিটেল ডেস্ক: ‘বিগ বছ অ'টিটি ৩’ ট্ৰফী নিজৰ নাম কৰাৰে পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মডেল-অভিনেত্ৰী ছানা মকবুল। ‘বিগ বছ’ত অগনন অনুৰাগীৰ পছন্দৰ হৈ পৰা ছানাৰ ব্যক্তিগত জীৱনৰ বহু কথাও এতিয়া চৰ্চাৰ শীৰ্ষত আছে। চৌদিশে চলি থকা চৰ্চা অনুসৰি দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব ছানা মকবুল।

Advertisment

হয়, ‘বিগ বছ অ'টিটি ৩’ৰ ট্ৰফী জয় কৰাৰ পাছত ছানাৰ প্ৰেমিকে তেওঁক আদৰিবলৈ এক বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছিল। ছানাৰ প্ৰেমিকজনৰ নাম শ্ৰীকান্ত বুৰেড্ডী। ইফালে, সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোতেও শ্ৰীকান্তে তেওঁলোকৰ বিবাহ সম্পৰ্কে বহুতো কথা ৰাজহুৱা কৰে। তেওঁ কয়, 'আমি নিশ্চিতভাৱে খুব সোনকালেই বিবাহ পাশত আৱদ্ধ হ'ম আৰু আপোনালোক সকলোকে নিমন্ত্ৰণ কৰিম।' আনহাতে, ছানাই স্বীকাৰ কৰে যে বিগ বছে তেওঁৰ জীৱন সলনি কৰিলে।ৰৈ যোৱা জীৱনলৈ গতি আনিলে।যাৰ বাবে তেওঁ সকলোকে কৃতজ্ঞতাও জ্ঞাপন কৰিছে। 

উল্লেখ্য যে, ছানাৰ প্ৰেমিক শ্ৰীকান্ত পেছাত এজন সফল ব্যৱসায়ী আৰু তেওঁ ' ভেল্যু লিফ'ৰ প্ৰতিষ্ঠাপক।'ভেল্যু লিফ' হৈছে এটা আগশাৰীৰ কোম্পানী, যি বিভিন্ন ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে জনাজাত। অৱশ্যে, ইয়াৰ পূৰ্বে ছানাৰ নাম বিশাল আদিত্য সিঙৰ সৈতে জড়িত হৈ আছিল। দুয়ো 'খতৰো কে খিলাড়ী'ত খুব ঘনিষ্ঠ হৈ পৰিছিল যদিও তেওঁলোকে এতিয়াও ইজনে সিজনক তেওঁলোকৰ ভাল বন্ধু বুলিহে পৰিচয় দিয়ে।

Also Read: যদি আপুনি কিনিবলৈ বিচাৰে, তেন্তে দিব লাগিব ৪০ কোটি টকা