/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e9a3025a-ff80-4555-bf56-c6ef09e2a6ea/AP_FOR_WEB__________.jpg)
ডিজিটেল ডেস্ক: শীঘ্ৰেই মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব গ্লেমাৰ জগতৰ পৰা বিদায় লোৱা অভিনেত্ৰী ছানা খানে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলৰ বাবে ৰাজহুৱা কৰিছে এই ভাল খবৰটো। ছানা আৰু তেওঁৰ স্বামী আনাছ মুফতি ছৈয়দে শেহতীয়া এক সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/cd0bad6a-f10a-4a13-ac9c-eae21523f905/Sana_Khan.jpg)
মাতৃত্বৰ সুখ উপভোগ কৰিবলৈ স্বাভাৱিকভাৱেই উৎসাহী হৈ পৰিছে অভিনেত্ৰীগৰাকী।সকলোৰে ‘সপোন সুন্দৰী’ ছানা খানে গ্লেমাৰ জগতখন আকস্মিকভাৱে ত্যাগ কৰি ধৰ্মৰ পথ বাছি ল’লে। সকলো অনুৰাগীৰ বাবে এয়া আছিল সঁচাকৈয়ে এক আচৰিত খবৰ। অভিনেত্ৰীগৰাকীয়ে ধৰ্মৰ পথ বাছনি কৰাৰ কেইদিনমান পিছতে ২০২০ চনত আনাছ মুফতি ছৈয়দৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।বিবাহৰ তিনি বছৰৰ পিছত ৩৪ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক এই ভাল খবৰ দিছে।
সাক্ষাৎকাৰটোত আনাছে কয়, ‘সোনকালেই মই পিতৃৰ সুখ লাভ কৰিম, মই বহুত সুখী।ছানাও স্বাভাৱিকভাৱেই অত্যন্ত সুখী। এতিয়া আমি কেৱল আপোনালোকৰ আশীৰ্ৱাদ বিছাৰিছো।’ উল্লেখ্য, ২০০৫ চনত কেৰিয়াৰ আৰম্ভ কৰা ছানাই হিন্দীৰ লগতে তামিল, তেলেগু তথা আন বহু ভাষাৰ ছবিত কাম কৰিছে।এইগৰাকী অভিনেত্ৰীয়ে ‘বিগ বছ-৬’ৰ দ্বিতীয় ৰানাৰ-আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।ইয়াৰ পিছতে ছানাই ছলমান খানৰ ছবি ‘জয় হো’ত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।ছবি, গীতৰ ভিডিঅ’ৰ লগতে যথেষ্ট সংখ্যক বিজ্ঞাপনতো কাম কৰিছে ছানা খানে।