Fatima Sana Shaikh: মৃগী ৰোগত আক্ৰান্ত ফাতিমা

ছছিয়েল মেডিয়াযোগে অনুৰাগীলৈ বাৰ্তা
Fatima Sana Shaikh
Fatima Sana Shaikh

ডিজিটেল ডেস্ক: Fatima Sana Shaikh: মৃগী ৰোগৰ সৈতে সহবাস কৰি আছে জনপ্ৰিয় অভিনেত্ৰী ফাতিমা ছানা শ্বেখে।অভিনেত্ৰীগৰাকীয়ে নিজেই এই বিষয়ে ছছিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ পাছতে অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ফাতিমাই লগতে জানিবলৈ দিয়া মতে, ব্যায়াম আৰু ঔষধৰ সহায়ত তেওঁ এই ৰোগটো নিৰাময় কৰাত নিয়োজিত হৈ আছে। এই ৰোগৰ বাবে তেওঁৰ পেছাদাৰী কামত কেতিয়াও বাধা দিয়া হোৱা নাছিল যদিও ‘দংগল’ ছবিৰ শ্বুটিঙৰ সময়তে তেওঁৰ শৰীৰত এই ৰোগৰ উপস্থিতিৰ বিষয়ে প্ৰথমে পোহৰলৈ আহিছিল।

ছছিয়েল মিডিয়াতে এগৰাকী অনুৰাগীয়ে মৃগীৰোগীয়ে জোতাৰ গোন্ধ লৈ আৰোগ্য হোৱাটো কিমান দূৰ সঁচা বুলি সোধাৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ‘এনে নকৰিব। এইটো কেৱল এক পৌৰানিক কাহিনী।মানুহে মোৰ সৈতেও এনে কৰিছিল।এতিয়া মই সদায়েই ব্যায়াম কৰো।চিকিৎসকৰ প্ৰতিটো কথাই মানি চলো। 

‘দংগল’ৰ ‘ছেট’ত মই পোন প্ৰথম বাৰৰ বাবে এই ৰোগত আক্ৰান্ত হৈ মূৰ্চ্ছা গৈছিলো আৰু যেতিয়া মই সাৰ পাইছিলো তেতিয়া চিকিৎসালয়ত আছিলো।প্ৰথমতে এই সত্য মানি লোৱাটো মোৰ বাবে যথেষ্ট কঠিন আছিল যদিও এতিয়া মই এই ৰোগৰ সৈতেই জীয়াই থাকিবলৈ শিকিছো।’

১৯৯৭চনত সাত বছৰ বয়সতে অভিনয়ৰ পাতনি মেলা ফাতিমাক আগন্তুক বৰ্ষত 'ঢক ঢক' আৰু 'শ্যাম বাহাদূৰ' নামৰ ছবি দুখনত দৰ্শকে দেখিবলৈ পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in