/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/dc3c9a13-51ac-4ee8-ac03-0d22865d4b93/SRK_HRITTIK_SALMAN.jpg)
ডিজিটেল ডেস্ক: ছবিপ্ৰেমী সকলৰ বাবে এটা ডাঙৰ খবৰ। পোন প্ৰথমবাৰৰ বাবে দৰ্শকে বিগস্ক্ৰীণত একেলগে দেখিবলৈ পাব বলীউডৰ তিনি তাৰকাক। হয়, ছুপাৰহিট ছবি ‘ৱাৰ’ৰ ছিকুৱেল ‘ৱাৰ ২’ত একেলগে অভিনয় কৰিব শ্বাহৰুখ খান, ছলমান খান আৰু হৃত্বিক ৰোশনে।
চলিত মাহতে শ্বুটিং আৰম্ভ হ’বলগীয়া ‘ৱাৰ ২’ৰ পৰিচালনা অয়ন মুখাৰ্জীৰ আৰু প্ৰযোজনা কৰিছে আদিত্য চোপ্ৰাই।ছবিখনত এই তিনিগৰাকী তাৰকাৰ লগতে বিশেষ দুটা চৰিত্ৰত অভিনয় কৰিব এন টি ৰামা ৰাও জুনিয়ৰ আৰু কিয়াৰা আদৱানীয়ে।
‘ৱাৰ ২’ৰ মুহুৰত অনুষ্ঠানত পৰিচালক অয়ন মূখাৰ্জীয়ে স্বাভাৱিকভাৱেই ছবিখনক লৈ যথেষ্ট উৎসাহী বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে, হৃত্বিক ৰোশন বৰ্তমান ‘ফাইটাৰ’ ছবিৰ শ্বুটিঙৰ বাবে ইটালীত আছে।তেওঁ ‘ফাইটাৰ’ৰ শ্বুটিং শেষ কৰি ঘূৰি আহিলেই ‘ৱাৰ ২’ৰ শ্বুটিং আৰম্ভ হ’ব। একছনধৰ্মী এই ছবিখনত কিয়াৰা আদৱানীকো দৰ্শকে এক নতুন ৰূপত দেখিবলৈ পাব।
উল্লেখ্য যে, ২০১৯চনত মুক্তিপ্ৰাপ্ত ‘ৱাৰ’ ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত ‘ৱাৰ’ত হৃত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বাণী কাপুৰ, আশুতোষ ৰাণা আৰু অনুপ্ৰিয়া গোয়েঙ্কাই সহায়ক চৰিত্ৰত অভিনয় কৰিছিল।
Also Read: গোপনে বাগদান সম্পন্ন উৰ্ফী জাভেদৰ, ভাইৰেল হ’ল ফটো