অপেক্ষাৰ অন্ত ! কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে

অপেক্ষাৰ অন্ত ! কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে

ডিজিটেল ডেস্ক: অৱশেষত বিয়াৰ বাবে ৰাজী হ’ল বলীউডৰ ‘দবং’ ছলমান খান। হয়, ‘বিয়া কেতিয়া ?’ বুলি আৰু অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া নহয় ৫৭ বছৰীয়া ছলমান।পিছে ছলমানৰ কইনা কোন আপুনি জানেনে? দেশবাসীৰ একেবাৰে চিনাকি ‘কাপুৰ পৰিয়াল’ৰ জ্যেষ্ঠ কন্যা কৰিশ্মা কাপুৰ হ’ব ভাইজান ছলমান খানৰ কইনা। এই খবৰ বিয়পি পৰাৰ লগে লগে চৌদিশে এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা, যি একেবাৰেই স্বাভাৱিক।ছ’ছিয়েল মেডিয়াত ওলোৱা খবৰ অনুসৰি, বহু প্ৰত্যাশিত এই বিয়াখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।

উল্লেখ্য, ‘মিছ ৱৰ্ল্ড’ ঐশ্বৰ্য্য ৰায়ৰ লগত ছলমানৰ দীৰ্ঘদিনীয়া সম্পৰ্ক বিচ্ছেদ হৈছিল আৰু তাৰ পাছৰে পৰাই প্ৰেমৰ সম্পৰ্কত বিশ্বাস নকৰা হৈছিল ছলমানে।ইয়াৰ পাছতো অৱশ্যে সময়ে সময়ে বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ লগত নাম সাঙোৰ খাই আহিছে এইজন অভিনেতাৰ।

ইফালে, কেইমাহমান পূৰ্বে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী সোনাক্ষী সিনহাৰ সৈতে সম্পৰ্ক গঢ় লোৱা বাতৰি চৌদিশে বিয়পি পৰিছিল।দুয়োজনে শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব বুলিও অনুৰাগীৰ মাজত চৰ্চা হৈছিল।সেই সময়তে তেওঁলোক দুয়োজনৰ ঘনিষ্ঠ মূহুৰ্তৰ বহু ফটো ভাইৰেল হৈ পৰিছিল।পিছে সেই খবৰৰ স্পষ্টতা কিন্তু আজিও নহ’ল।

আনহাতে, কৰীশ্মাৰ সৈতে ছলমানৰ বিবাহৰ খবৰে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে।বলীউডৰ আগশাৰীৰ এই পৰিয়াল দুটাইও হেনো এই বিবাহত পূৰ্ণ সমৰ্থন দিছে।অতি শীঘ্ৰেই মুম্বাইতে সম্পন্ন হ’ব বলীউডৰ এই ‘হাই প্ৰফাইল বিয়া’।

অপেক্ষাৰ অন্ত ! কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে
কোৰোনা নহয়! এইবাৰ আহিছে জিকা ভাইৰাছ…

উল্লেখ কৰাৰ প্ৰয়োজন যে ছলমান আৰু কৰিশ্মা কাপুৰ অতি ঘনিষ্ঠ বন্ধু।’হম ছাথ ছাথ হে’, ‘অন্দাজ অপনা অপনা’,’দুল্হন হম লে জায়েংগে’, ‘ছল মেৰে ভাই’, ‘ছপনে ছাজন কে’, ‘নিশ্চয়’, ‘জীত’ ‘জুৰৱা’কে ধৰি আন বহু কেইখন হিট ছবিত দৰ্শকে এই দুয়োজন অভিনেতা-অভিনেত্ৰীক একেলগে যথেষ্ট পছন্দ কৰিছে।

ব্যতিক্ৰমী কৰ্মৰ বাবে সদায়েই চৰ্চাত থকা ছলমান খান আৰু অপূৰ্ব সুন্দৰী কৰিশ্মা কাপুৰে এই সন্দৰ্ভত অৱশ্যে বৰ্তমানলৈ মূখ খোলা নাই।ইফালে, আন একাংশৰ মতে, এই সমগ্ৰ বাতৰিটোয়েই ভুৱা।সি যিয়েই নহওক কিয়, আগন্তক সময়েহে এই বিষয়ত স্পষ্টতা প্ৰদান কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in