ঐশ্বৰ্য্যকে নহয়, জুহি চাওলাকো বিয়া পতাৰ মন আছিল ছলমানৰ

ঐশ্বৰ্য্যকে নহয়, জুহি চাওলাকো বিয়া পতাৰ মন আছিল ছলমানৰ

ডিজিটেল ডেস্ক: বিয়া আৰু ছালমান খান, যেন এক নিমিলা অংকহে। হয়, সকলো থাকিও আজিলৈকে বিয়াত বহিব নোৱাৰিলে বলীউডৰ প্ৰভাৱশালী অভিনেতা ছলমান খান। কিন্তু বহুতৰে লগত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল অভিনেতাজনৰ। শেহতীয়াকৈ পোহৰলৈ অহা মতে, ছলমানে এসময়ৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী জুহি চাওলাৰ সৈতেও বিবাহ পাশত আবদ্ধ হ’বলৈ বিছাৰিছিল।এই সন্দৰ্ভত তেওঁ অভিনেত্ৰীগৰাকীৰ পিতৃৰ সৈতেও কথা পাতিছিল। কিন্তু শেষত গৈ নহ’লগৈ।

প্ৰায় দুই-তিনি দশক ধৰি বলীউডৰ অন্যতম চৰ্চিত বিষয় হৈছে ছলমান খানৰ বিয়া।সময়ে সময়ে এই বিয়াৰ চৰ্চা হয় ঠিকেই, কিন্তু বিভিন্ন কাৰণৰ বাবে বিয়াখনহে নহয়গৈ।সংগীতা বিজলানী, ঐশ্বৰ্য্য ৰায়, কেটৰীণা কাইফ, জেক্যুলিন ফাৰ্ণাণ্ডেজকে ধৰি বহু সুন্দৰী বলীউডী অভিনেত্ৰীৰ লগত বৰ্তমানলৈ নাম সাঙুৰ খাইছে অভিনেতাজনৰ। বয়সে ৫০ৰ দেওনা পাৰ কৰিলে যদিও অনুৰাগীসকল আজিও ছলমানৰ বিয়াখনৰ বাবে অপেক্ষাৰত।

প্ৰকৃততে, ছলমান খানৰ এটা পুৰণি ভিডিঅ' সম্প্ৰতি ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। য'ত তেওঁ নিজ মুখে কয়, ‘জুহি চাওলা অত্যন্ত মৰমলগা আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী।সেয়েহে, সকলো লোকেই তেওঁৰ প্ৰতি আকৃষ্ট হোৱাটো একেবাৰে স্বাভাৱিক।জুহিক বিয়া পাতিম বুলি মই তেওঁৰ পিতৃক জনাইছিলো আৰু তেওঁক এক প্ৰকাৰ জোৰ দিছিলো যে তেওঁৰ কন্যাক মোলৈ বিয়া দিয়ে।কিন্তু তেওঁৰ পিতৃয়ে সেয়া একেমুখে প্ৰত্যাখান কৰিছিল।’

উল্লেখ্য যে, বিবাহত সফল হ’ব নোৱাৰিলেও কৰ্মক্ষেত্ৰত ছলমান অত্যন্ত সফল।অভিনেতাজনক অতি শীঘ্ৰে দৰ্শকে ‘কিচি কা ভাই কিচি কা জান’ ছবিখনত দেখিবলৈ পাব।ইয়াৰ পাছতেই মুক্তি পাব ‘টাইগাৰ ৩’। শেহতীয়াকৈ, সূৰজ বৰজাতিয়াৰ সৈতে ছলমান খানৰ এখন নতুন ছবিও ঘোষণা কৰা হৈছিল।আনহাতে, ছলমান খানক শেহতীয়াকৈ হিন্দী ছবিৰ ইতিহাসৰ অন্যতম সফল ছবি ‘পাঠান’ত শ্বাহৰুখ খানৰ সৈতে দৰ্শকে দেখিবলৈ পাইছিল।

ঐশ্বৰ্য্যকে নহয়, জুহি চাওলাকো বিয়া পতাৰ মন আছিল ছলমানৰ
অধিক দামত সামগ্ৰী বিক্ৰী : সমালোচিত গৌৰী খান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in