/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4d542190-661d-4d32-9008-464674fc02ef/AP_FOR_WEB_1212.jpg)
ডিজিটেল ডেস্ক: শ্বাহৰুখ খানৰ দৰেই পত্নী গৌৰী খানৰো কোনো তুলনা নাই।’বি টাউন’ত এগৰাকী অভিনেত্ৰীৰ সমানেই সদায় চৰ্চাত থাকে গৌৰী খান। অভিনেত্ৰী নহ’লেও গৌৰী এগৰাকী প্ৰযোজক হিচাপে পোনপটীয়াকৈ বলীউডৰ লগত সংযুক্ত হৈ আছে।বলীউডৰ ‘কিং’ শ্বাহৰুখ খানৰ পত্নী, প্ৰযোজকৰ উপৰিও এগৰাকী সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপেও আন এক পৰিচয় আছে গৌৰী খানৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/19972a22-db52-423c-957d-9e94b32964c5/dustbin.jpg)
উচ্চ মানৰ ঘৰুৱা আৰু কাৰ্যালয়ৰ সামগ্ৰীৰে গৌৰী খানে বিগত বৰ্ষত ‘গৌৰী খান ডিজাইনছ’ৰ সৈতে ই-কমাৰ্চ খণ্ডত প্ৰৱেশ কৰিছিল। ‘গৌৰী খান ডিজাইনছ’ত আচবাবৰ লগতে বহু ডিজাইনৰ লেম্প, কুশ্যন, পাফ ষ্টুলকে ধৰি সকলো ঘৰুৱা লাগতীয়াল সমগ্ৰী উপলব্ধ।মুম্বাইৰ অধিকাংশ লোকৰেই হেনো প্ৰিয় গৌৰী খানৰ ডিজাইন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/375d200b-d0f5-45bb-8552-b5b68d9926f2/table_lamp.jpg)
কিন্তু শেহতীয়াকৈ গৌৰীৰ ব্ৰেণ্ডত অন্তৰ্ভূক্ত কৰা তিনিটা বিশেষ সামগ্ৰীৰ দামে মানুহৰ চকু কপালত তুলিছে।ইয়াকে লৈ এতিয়া চৌদিশে সমালোচিত হৈছে ছুপাৰষ্টাৰ পত্নীগৰাকী। ‘গৌৰী খান ডিজাইনছ’ৰ এই তিনিবিধ বিশেষ সামগ্ৰী হৈছে এটা ডাষ্টবিন, এটা টেবুল লেম্প আৰু এটা কাঠৰ পেংগুইন। এই ডাষ্টবিনটোৰ মূল্য ১৫,৩৪০ টকা, টেবুল লেম্পটোৰ মূল্য ১,৫৯,৩০০ টকা আৰু কাঠৰ পেংগুইনটোৰ মূল্য ১২,৩৯০ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fcbf6a2a-292c-472b-90c7-8fa044bebb0f/penguin.jpg)
এই সৰু বস্তুবোৰ কেনেকৈ ইমান ব্যয়বহুল হ'ব পাৰে বুলি সাধাৰণ লোকসকল স্বাভাৱিকভাৱেই এতিয়া আচৰিত হৈ পৰিছে।নেটিজেনসকলে ইমান দামী ডাষ্টবিন কোনে কিনিব বুলিও প্ৰশ্ন উত্থাপিত কৰিছে।একাংশৰ মতে, ‘গৌৰী খান ডিজাইনছ’ৰ সামগ্ৰীতকৈ আৰ্মি কেণ্টিনৰ সামগ্ৰী বহুত ভাল।আন এজনে আকৌ পেংগুইনৰ মূৰ্তিটোৰে 'ৱেলকাম' ছবিখনৰ তুলনা কৰিছে। লোকজনে উক্ত ছবিখনৰ এখন ফটো শ্বেয়াৰ কৰি কয় যে ‘কলাৰ নামত মজনু ভাইৰ চিত্ৰকলা ইয়াতকৈ বহু গুণে ভাল।’
Also Read: এইবাৰ উৰ্ফীৰ ফেশ্বনক সমালোচনা ৰণবীৰ কাপুৰৰ