‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’... ৰণবীৰ-আলিয়াই জিনিলে বহু অনুৰাগীৰ হৃদয়

‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’... ৰণবীৰ-আলিয়াই জিনিলে বহু অনুৰাগীৰ হৃদয়

ডিজিটেল ডেস্কঃ শনিবাৰে ছবিগৃহত মুক্তি পালে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ বহু প্ৰতীক্ষিত ছবি ‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’। ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শাবানা আজমীৰ দৰে কালজয়ী অভিনেতাৰ সৈতে মুখ্য মুখ্য চৰিত্ৰত ৰণবীৰ সিং আৰু আলিয়া ভট্ট অভিনীত ধৰ্মা প্ৰডাকচনৰ সৃষ্টিত ছবিখন উপভোগ কৰিবলৈ ব্যাকুল হৈ পৰিছে অনুৰাগীসকল।

শুভমুক্তিৰ প্ৰথমটো দিনাই প্ৰথম প্ৰদৰ্শনী চাবলৈ ছবিগৃহত দৰ্শকৰ মাজত লাগিছে হেতা-ওপৰা। ছবিখন উপভোগ কৰি দৰ্শকসকলে এতিয়া সামাজিক মাধ্যমত ৰিভিউ দিবলৈ আৰম্ভ কৰিছে। পিছে কোনে কিমান ভাল পালে ‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’ শীৰ্ষক ছবিখন উপভোগ কৰি?

প্ৰায় ৭ বছৰৰ অন্তত কৰণ জোহৰে ‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’ৰ জৰিয়তে পৰিচালনা জগতলৈ ঘূৰি আহিছে। আৰু তেওঁ তেওঁৰ চলচ্চিত্ৰৰ দ্বাৰা প্ৰমাণ কৰিছে যে তেওঁৰ উজ্জ্বলতা ম্লান হোৱা নাই। এসময়ত ‘গলি বয়’ত চমক সৃষ্টি কৰা ৰণবীৰ সিং আৰু আলিয়া ভাটক আকৌ এবাৰ ‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’ত একেলগে কৰা অভিনয়শৈলী দেখি আপ্লুত হৈ পৰিল দৰ্শকৰ মন।

দুয়োৰে অভিনীত ছবি উপভোগ কৰি সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই পেলালে বহু অনুৰাগীয়ে। কোনোৱে লিখিলে-‘পুৰণি বলীউড যুগ এটা আধুনিক ধাৰণালৈ ঘূৰি আহিছে। কি এখন চলচ্চিত্ৰ, প্ৰায় সকলো মিশ্ৰিত অনুভূতিৰে সমৃদ্ধ এক আশ্চৰ্যকৰ অভিজ্ঞতা’। আকৌ কোনোৱে লিখিলে ছবিখন চমৎকাৰ। 

‘ৰকী আৰু ৰানীৰ প্ৰেম কাহিনী’... ৰণবীৰ-আলিয়াই জিনিলে বহু অনুৰাগীৰ হৃদয়
দৰং আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in