দৰং আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী

দৰং আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী

ডিজিটেল সংবাদ, দৰংঃ ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ সমান্তৰালকৈ আৰক্ষীৰ নাকৰ তলেৰে একাংশ ড্ৰাগছ মাফিয়াই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

এনেবোৰ পদক্ষেপৰ মাজতে ড্ৰাগছ বিৰোধী অভিযানত দৰং আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে অভিযান চলাই আটক কৰে মোবাৰক আলী নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক। ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী ঝাৰৰ নিজ বাসগৃহৰ পৰা দৰং আৰক্ষীয়ে আটক কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মোবাৰক আলীক।

মোবাৰক আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩২টা ড্ৰাগছ কন্টেইনাৰ, দুটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচত ৩২.২ গ্ৰাম হেৰইনসহ ৭ লাখ ৩৩ হাজাৰ ৭০০ টকা। দৰং জিলাৰ অপৰাধ শাথাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু ধূলা আৰক্ষীৰ সহযোগত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ী মোবাৰক আলীৰ বিৰুদ্ধে ধূলা থানাত গোচৰ ৰুজু কৰি মঙলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

দৰং আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী
শিৱসাগৰত অনুষ্ঠিত সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in