/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-16/1mqsnhhn/AP FOR WEB award.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে ঘোষণা কৰা হ’ল ৭০ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটাপ্ৰাপকৰ নাম। দেশৰ চলচ্চিত্ৰ জগতৰ অন্যতম বিখ্যাত মঞ্চখনত উজলি উঠিছে ভালেকেইখন ছবিৰ লগতে কলা-কুশলী তথা পৰিচালক।
অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে। অসমৰ পৰা নিৰ্মিত তথা পৰিচালক কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ শীৰ্ষক ছবিখনে শ্রেষ্ঠ অসমীয়া ছবি হিচাপে নিৰ্বাচিত হৈছে।
একেদৰে ববী শৰ্মা বৰুৱাৰ ‘ছিকাইশাল’ ছবিখনে তিৱা ভাষাৰ শ্রেষ্ঠ ছবি নিৰ্বাচিত হৈছে। পৰিচালক নৱপন ডেকাৰ ‘শূন্যতা’লৈ শ্রেষ্ঠ তথ্যচিত্রৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে।
আনহাতে আইমী বৰুৱা পৰিচালিত ‘বিৰুৱালা-উইটছ টু পদ্মশ্রী নামৰ তথ্যচিত্রখনে বিচাৰকৰ বিশেষ সন্মান লাভ কৰবলৈ সক্ষম হৈছে। তদ্ৰুপধৰণে পাৰ্থসাৰথি মহন্তৰ তথ্যচিত্র ‘হাড়গিলা’য়ো বিচাৰকৰ বিশেষ সন্মান বুটলিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-16/fopczg3l/GVGQVX1WQAA4bnr.png)
ইফালে মালয়ালম ছবি ‘আট্টাম’লৈ শ্রেষ্ঠ ছবিৰ পুৰস্কাৰ আগবঢ়োৱা হয়। কানাড়া ভাষাৰ ছবি ‘কান্তাৰা’ই শ্ৰেষ্ঠ বিনোদনধৰ্মী ছবিৰ সন্মান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-16/7sny4ijz/National Film Awards.jpg)
একেদৰে ‘কান্তাৰা’ৰ অভিনেতা ঋষভ শেট্টিলৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা আৰু হিন্দী ছবি ‘উচাই’ৰ বাবে সূৰয বৰজাত্য লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। ‘ব্রহ্মাস্ত্র’ৰ বাবে অৰিজিৎ সিঙে শ্রেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ কৰে। প্ৰীতমলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আগবঢ়োৱা হয়।