/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eee803ee-c660-477e-90c9-edbff9f471c6/AP FOR WEB 2.png)
ডিজিটেল ডেস্ক: অৱশেষত আহিল সেই ভাল খবৰটো। অভিভাৱক হ’ল জনপ্ৰিয় চেলিব্ৰেটী যুটি ৰিচা চদ্ধা আৰু আলী ফেজল।দম্পতিহালে ছ’চিয়েল মেডিয়াযোগে এই খবৰ ৰাজহুৱা কৰিছে।হয়, আলীৰ ঘৰত জন্ম লাভ কৰিলে লখিমীয়ে।
ৰিচা আৰু আলীয়ে উল্লেখ কৰা মতে, ১৬ জুলাইত তেওঁলোকৰ জীৱনলৈ এটি স্বাস্থ্যৱান কন্যা শিশুৰ আগমণ ঘটে।তেওঁলোকে সকলো শুভাকাংক্ষীসকলক তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতাও জ্ঞাপন কৰে।
উল্লেখ্য যে, সময়ে সময়ে ছ’চিয়েল মেডিয়াত ফটো প’ষ্ট কৰি ৰিচায়ে তেওঁৰ গৰ্ভৱস্থাৰ খবৰবোৰ অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰিছিল।অনুৰাগীসকলেও তেওঁৰ সুস্বাস্থ্য কামনা কৰি শুভকামনা জ্ঞাপন কৰিছিল। ৰিচা আৰু আলী ফেজল ‘ফুক্ৰে’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত পোনপ্ৰথমবাৰৰ বাবে লগ হৈছিল।তেওঁলোকে ২০২২ৰ ছেপ্টেম্বৰত তেওঁলোকৰ বিবাহৰ অনুষ্ঠানিক ঘোষণা কৰিছিল আৰু সেই বছৰৰে অক্টোবৰত লক্ষ্ণৌত বিবাহপাশত আৱদ্ধ হৈছিল। ৰিচা আৰু আলীয়ে গৰ্ভধাৰণৰ বিষয়েও ছ’চিয়েল মেডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছিল। য'ত লেখিছিল ‘১+১=৩।’ তেওঁলোকে ইয়াৰ শিৰোনাম দিছিল, ‘এটা ক্ষুদ্ৰ হৃদস্পন্দন হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শব্দ।’
Also Read: মুকেশ আম্বানীৰ ডাঙৰ বোৱাৰীৰ কাণ্ড !